
দিনে নিশাই চলিছে মণ্ডৱ নিৰ্মাণৰ কাম
ধুবুৰী, ২৯ আগষ্ট (হি.স.)। শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ ডেৰ মাহ বাকী। সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাৰ তামাৰহাটতো এতিয়া দেখিবলৈ পোৱা গৈছে উচাহ-উদ্দীপনা। এইবেলি তামাৰহাটৰ ঐতিহাসিক দুৰ্গা পূজাই ১০৮ বছৰ অৰ্থাৎ শতবৰ্ষোত্তৰ বৰ্ষত ভৰি দিব। এই বিশেষ বৰ্ষটোক অতি জাকজমকতাৰে উদযাপন কৰিবলৈ দিনে-নিশাই চলিছে ব্যাপক প্ৰস্তুতি।এইবাৰ তামাৰহাটবাসী তথা দর্শনাৰ্থীৰ বাবে আটাইতকৈ ডাঙৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব ইয়াৰ পূজা মণ্ডপ।
বিশ্বৰ দ্বিতীয় বৃহত্তম 'লৰ্ড এঞ্জেল স্বামী নাৰায়ণ' মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এইবেলিৰ পূজা মণ্ডপভাগ। তামাৰহাট কেন্দ্ৰীয় দুৰ্গা পূজা সমিতিয়ে জানিবলৈ দিয়া মতে, মণ্ডপটো সম্পূৰ্ণ নিখুঁত ৰূপত গঢ়ি তুলিবলৈ বিভিন্ন প্ৰান্তৰ পৰা অহা সুদক্ষ শিল্পীসকলে দিনে-নিশাই একাকাৰ কৰি কাম কৰি আছে।কেৱল মণ্ডপ সজ্জাই নহয়, ১০৮ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে আলোকসজ্জা আৰু অন্যান্য কাৰ্যসূচীৰো ব্যাপক আয়োজন কৰা হৈছে। পূজা মণ্ডপত হ’বলগীয়া ভিৰ নিয়ন্ত্ৰণ আৰু দৰ্শনাৰ্থীৰ সুৰক্ষাৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ১০৮ বছৰীয়া এই ঐতিহাসিক পূজাভাগত এইবাৰ লাখ লাখ ধৰ্মপ্ৰাণ ৰাইজৰ সমাগম হ’ব বুলি আশাবাদী পূজা উদযাপন সমিতি।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ