উজবেকিস্তানৰ যুৱকৰ প্ৰধানমন্ত্ৰী মোডীক হিন্দীত আদৰণি, মোদীৰ আনন্দ প্ৰকাশ
নতুন দিল্লী, ২৯ আগষ্ট (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উজবেকিস্তান ভ্ৰমণৰ পূৰ্বে উজবেকিস্তানৰ যুৱক-যুৱতীসকলৰ উৎসাহ আৰু তেওঁলোকে হিন্দী ভাষাত আদৰণি জনোৱাৰ প্ৰশংসা কৰিছে। শনিবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত উজবেকিস্তানৰ যুৱক-যুৱতীসকলৰ এ
उज्बेकिस्तान का एक छात्र हिंदी में प्रधानमंत्री नरेन्द्र मोदी का स्वागत करते हुए


নতুন দিল্লী, ২৯ আগষ্ট (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উজবেকিস্তান ভ্ৰমণৰ পূৰ্বে উজবেকিস্তানৰ যুৱক-যুৱতীসকলৰ উৎসাহ আৰু তেওঁলোকে হিন্দী ভাষাত আদৰণি জনোৱাৰ প্ৰশংসা কৰিছে। শনিবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত উজবেকিস্তানৰ যুৱক-যুৱতীসকলৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যুৱক-যুৱতীসকলে নিজৰ অনুভৱসমূহ ইমান সুন্দৰকৈ হিন্দী ভাষাত প্ৰকাশ কৰা দেখি তেওঁ বিশেষভাৱে আনন্দিত হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে উজবেকিস্তান ভ্ৰমণ আৰম্ভ কৰাৰ পূৰ্বে তাত থকা যুৱ বন্ধুসকলৰ উৎসাহ দেখি তেওঁ অতিশয় আনন্দিত হৈছিল। তেওঁ কয় যে এই সমগ্ৰ প্ৰচেষ্টাক আৰু অধিক বিশেষ কৰি তোলা কথাটো হ’ল যুৱক-যুৱতীসকলে এই বাৰ্তাটো হিন্দীত, আৰু অতি ভাল হিন্দী ভাষাত প্ৰেৰণ কৰিলে।

ভিডিঅ’টোত তাছকেন্দৰ কেইবাগৰাকীও উজবেকিস্তান ছাত্ৰই পাল পাতি প্ৰধানমন্ত্ৰী মোদীক নিজৰ ৰাজধানীলৈ আদৰণি জনাই ভাৰতীয় সংস্কৃতিৰ প্ৰতি থকা প্ৰেম আৰু দুয়োখন দেশৰ দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীক আদৰণি জনাই এজন ছাত্ৰই কয় যে তাছকেন্দে তেওঁৰ আগমনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। আন এজন ছাত্ৰই কয় যে তাছকেন্দৰ মাটিয়ে প্ৰধানমন্ত্ৰীক মাতিছে আৰু তেওঁলোকে এই বৈঠকৰ বাবে আগ্ৰহেৰে বাট চাই আছে।

এগৰাকী ছাত্ৰীয়ে কয় যে তেওঁ হিন্দী শিকিছে আৰু ভাৰতীয় সংস্কৃতিত গভীৰভাৱে আপ্লুত হৈছে। প্ৰধানমন্ত্ৰীগৰাকীক তাছকেন্দত আদৰণি জনাই তেওঁ কয় যে তেওঁ প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাৰ বাবে আগ্ৰহী। আন এগৰাকী ছাত্ৰই ভাৰত আৰু উজবেকিস্তানৰ মাজৰ বন্ধুত্বক বিশেষ আখ্যা দি প্ৰধানমন্ত্ৰী শীঘ্ৰে তাছকেন্দত উপস্থিত হ’ব বুলি আশা প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande