
নতুন দিল্লী, ২৯ আগষ্ট (হি.স.): প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য এছিয়াৰ সৈতে ভাৰতৰ কৌশলগত সংযোগ আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ২৯ আগষ্ট শনিবাৰৰ পৰা উজবেকিস্তান আৰু কিৰ্গিজ ৰিপাব্লিকলৈ দুখন দেশৰ ভ্ৰমণ কৰিব । প্ৰধানমন্ত্ৰীয়ে ২০২৬ চনৰ ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া ২৬ সংখ্যক চাংহাই সহযোগিতা সংস্থাৰ (এছচিঅ’) শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে কিৰ্গিস্তানৰ বিস্কেকলৈ যাত্ৰা কৰাৰ পূৰ্বে প্ৰথমে উজবেকিস্তান ভ্ৰমণ কৰিব ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শৱকত মিৰ্জিঅ’য়েভৰ আমন্ত্ৰণত ২৯-৩০ আগষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে তাছকেন্দ ভ্ৰমণ কৰিব। এয়া তেওঁৰ চতুৰ্থটো উজবেকিস্তান ভ্ৰমণ হ’ব।
তাছকেন্দত থকা সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু উজবেকিস্তানৰ মাজত কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰপতি মিৰ্জিঅ’য়েভৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ’ব। দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা, ডিজিটেল সংযোগ, শক্তি, শিক্ষা আৰু জনসাধাৰণৰ সম্পৰ্ককে ধৰি গুৰুত্বপূৰ্ণ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰিব।
এই আলোচনাত ভাৰতৰ বিকশিত ভাৰত ২০৪৭ আৰু উজবেকিস্তান-২০৩০ৰ দৃষ্টিভংগীৰ অধীনত দ্বিপাক্ষিক সহযোগিতাৰ বাবে ভৱিষ্যতৰ ৰ’ডমেপ স্থাপন আৰু ভাগ-বতৰা উন্নয়নৰ অগ্ৰাধিকাৰ আগবঢ়াই নিয়াৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হ’ব বুলি আশা কৰা হৈছে।
উজবেকিস্তানৰ ৰাজধানীত থকা সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে লাল বাহাদুৰ শাস্ত্ৰী স্মাৰক আৰু তাছকেন্দ ৰাজ্যিক প্ৰাচ্য অধ্যয়ন বিশ্ববিদ্যালয়ৰ মহাত্মা গান্ধী কেন্দ্ৰও পৰিদৰ্শন কৰিব পাৰে।
উজবেকিস্তান ভ্ৰমণৰ পিছত মোদীয়ে ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ ২৬ সংখ্যক এছ চি অ’ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ বিস্কেকলৈ যাত্ৰা কৰিব। ২০১৭ চনৰ পৰা ভাৰত পূৰ্ণ সদস্য হৈ থকা চাংহাই সহযোগিতা সংস্থাৰ ২৫ বছৰীয়া জয়ন্তী উপলক্ষে এই সন্মিলন আয়োজন কৰা হৈছে।
এই সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে সমাৱেশত ভাষণ দিব আৰু এছচিঅ’ৰ কাঠামোৰ ভিতৰত ভাৰতৰ অগ্ৰাধিকাৰৰ ৰূপৰেখা দাঙি ধৰিব, বিশেষকৈ নিৰাপত্তা, সংযোগ আৰু সুযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। সন্মিলনৰ আঁৰত এছচিঅ’ৰ অন্যান্য নেতাসকলৰ সৈতেও দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিব।
প্ৰধানমন্ত্ৰী মোদীয়ে অতিৰিক্তভাৱে মধ্য এছিয়াৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাগত ক্ৰীড়া প্ৰথাক উদযাপন কৰা ষষ্ঠ বিশ্ব যাযাবৰী গেমছৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা।
দুই ৰাষ্ট্ৰৰ এই ভ্ৰমণে ভাৰতক মধ্য এছিয়াৰ সৈতে ৰাজনৈতিক, অৰ্থনৈতিক আৰু কৌশলগত সংযোগ গভীৰ কৰাৰ লগতে এছ চি অ’ৰ কাঠামোৰ জৰিয়তে সহযোগিতা শক্তিশালী কৰাৰ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
প্ৰধানমন্ত্ৰী মোডীৰ মধ্য এছিয়াৰ দুই দেশৰ এই ভ্ৰমণ ১ ছেপ্টেম্বৰত সমাপ্ত হ’ব ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া