ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত প্ৰধানমন্ত্ৰীৰ দেশবাসীক শুভেচ্ছা জ্ঞাপন
নতুন দিল্লী, ২৯ আগষ্ট (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে সকলো ক্ৰীড়াপ্ৰেমীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ক্ৰীড়াবিদসকলৰ নিষ্ঠা, আবেগ আৰু
प्रतीकात्मक


নতুন দিল্লী, ২৯ আগষ্ট (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে সকলো ক্ৰীড়াপ্ৰেমীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ক্ৰীড়াবিদসকলৰ নিষ্ঠা, আবেগ আৰু দৃঢ়তাই সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰে। আমি কিংবদন্তি মেজৰ ধ্যান চান্দকো শ্ৰদ্ধাঞ্জলি জনাইছো, যাৰ প্ৰতিভাই প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।

উল্লেখযোগ্য যে এই দিৱসটো মেজৰ ধ্যানচান্দৰ জন্মদিন (২৯ আগষ্ট, ১৯০৫)ৰ স্মৃতিত পালন কৰা হয়। ১৯২৮, ১৯৩২, ১৯৩৬ চনৰ অলিম্পিক গেমছত ভাৰতক সোণৰ পদক লাভ কৰাত সহায় কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

কেন্দ্ৰীয় চৰকাৰে ২০১২ চনত প্ৰথমবাৰৰ বাবে এই দিনটো আনুষ্ঠানিকভাৱে ক্ৰীড়া দিৱস হিচাপে ঘোষণা কৰে। এই দিনটোত সমগ্ৰ দেশতে ক্ৰীড়া আৰু শাৰীৰিক ফিটনেছ সম্পৰ্কে সজাগতা বৃদ্ধি কৰা হয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande