
ধুবুৰী, ২৯ আগষ্ট (হি.স.): ধুবুৰীৰ ভাৰত - বাংলাদেশ সীমান্তৰ ব্ৰহ্মপুত্ৰ নদীত চোৰাং গৰুৰ বিৰুদ্ধে যোৱা কালি শুকুৰবাৰে নিশা বিএছএফৰ অভিযান চলে ৷ অভিযানত ব্ৰহ্মপুত্ৰ নদীৰ পৰা ১৩ টাকৈ গৰু-মহ জব্দ কৰা হৈছে ৷ ছালাপাৰা বি অ পি' শাখাৰ বিএছএফয়ে নদী পথত অভিযান চলাই গৰু মহ সমূহ জব্দ কৰে ।
উল্লেখ্য যে একাংশ চোৰাং বেপাৰীয়ে নদী পথেদি গৰু মহ বাংলাদেশ লৈ সৰবৰাহ কৰিবলৈ চেষ্টা চলোৱাৰ উমান পাই বিএছএফয়ে অভিযান চলাই ১৩টা গৰু মহ জব্দ কৰে । অৱশ্যে বিএছএফ অহাৰ উমান পাই চোৰাং বেপাৰীয়ে পলাই পত্ৰং মেলে বুলি জানিব পৰা গৈছে ৷ উক্ত জব্দ কৰা গৰু মহ সমুহ ছালাপাৰা বি অ পিৰ বিএছএফয়ে ফকিৰগঞ্জ আৰক্ষী থানাত চমজাই দিয়ে আৰু থানা আৰক্ষীয়ে উক্ত সন্দৰ্ভত থানা এখন জি ডি পঞ্জীয়ন কৰি গৰু মহ সমুহ বন্দিহানা চিৰাখোৱা গোশালা লৈ প্ৰেৰণ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ