শ্ৰীশ্ৰী টুক্ৰেশ্বৰী দেৱালয়ত দেখিবলৈ পোৱা গৈছে মানুহ আৰু বন্যপ্ৰাণীৰ এক অভূতপূৰ্ব বন্ধুত্ব
গোৱালপাৰাৰ, ২৯ আগষ্ট (হি.স.)।গোৱালপাৰাৰ ঐতিহাসিক শ্ৰীশ্ৰী টুক্ৰেশ্বৰী দেৱালয়ত দেখিবলৈ পোৱা গৈছে মানুহ আৰু বন্যপ্ৰাণীৰ এক অভূতপূৰ্ব বন্ধুত্ব। দেৱালয়খনৰ বান্দৰ সমাজৰ মাজত এতিয়া প্ৰচণ্ড জনপ্ৰিয় এজন যুৱক, যাৰ নাম নিৰূপম কলিতা। ৰাজযুগীয়া পৰম্পৰাৰে চল
শ্ৰীশ্ৰী টুক্ৰেশ্বৰী দেৱালয়ত দেখিবলৈ পোৱা গৈছে মানুহ আৰু বন্যপ্ৰাণীৰ এক অভূতপূৰ্ব বন্ধুত্ব


গোৱালপাৰাৰ, ২৯ আগষ্ট (হি.স.)।গোৱালপাৰাৰ ঐতিহাসিক শ্ৰীশ্ৰী টুক্ৰেশ্বৰী দেৱালয়ত দেখিবলৈ পোৱা গৈছে মানুহ আৰু বন্যপ্ৰাণীৰ এক অভূতপূৰ্ব বন্ধুত্ব। দেৱালয়খনৰ বান্দৰ সমাজৰ মাজত এতিয়া প্ৰচণ্ড জনপ্ৰিয় এজন যুৱক, যাৰ নাম নিৰূপম কলিতা।

ৰাজযুগীয়া পৰম্পৰাৰে চলি থকা টুক্ৰেশ্বৰী দেৱালয়ৰ বান্দৰ সমাজৰ বাবে এতিয়া অতি পৰিচিত ব্যক্তি হৈ পৰিছে নিৰূপম কলিতা। নিৰূপমৰ এটা মাততেই গছৰ পৰা নামি আহে জাক জাক বান্দৰ। নিতৌ এই কপিকুলক খাদ্য যোগান ধৰা নিৰূপমৰ সামাজিক মাধ্যমৰ ভিডিঅ’ চাই এতিয়া দেশ-বিদেশৰ বহু লোকে বান্দৰবোৰৰ বাবে খাদ্য পঠিয়াই দিয়ে।নিৰূপমৰ মৰম আৰু নিষ্ঠাই এনেদৰে একাত্ম কৰিছে যে এতিয়া প্ৰতিটো বান্দৰে তেওঁৰ কথা শুনে আৰু আজৰি সময়ত তেওঁৰ সৈতে উমলি ফুৰে। বন্যপ্ৰাণী আৰু মানুহৰ সংঘাতৰ মাজতে টুক্ৰেশ্বৰী পাহাৰৰ এই দৃশ্যই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande