
নলবাৰী, ২৯ আগষ্ট (হি.স.)। নেপালত কৰ্মৰত নলবাৰীৰ তিনি যুৱকৰ দুজনৰ সন্ধান ওলাল যদিও এজন নিৰুদ্দেশ হৈ আছে বৰ্তমানেও । অৰৰা গাওৰ পংকজ বৰ্মন আৰু সমৰ বেজবৰুৱা বৰ্তমান নিৰাপদে আছে নেপালত । নেপালত সংঘটিত মহা প্ৰলয়ৰ সময়ত পংকজ বৰ্মন আৰু সমৰ বেজবৰুৱা ঘটনাস্থলীৰ পৰা পলাই পাহাৰৰ দিশে দৌৰী প্ৰাণ ৰক্ষা কৰে ।
সেই সময়ৰ পৰা পাহাৰত যোগাযোগ বিছিন্ন হৈ আছিল দুয়োজন। যোৱাকালি পংকজ আৰু সমৰৰ সম্ভেদ লাভ কৰিবলৈ সক্ষম হয় আৰু নেপালৰ সেনাবাহিনীয়ে হেলিকপ্তাৰেৰে উদ্ধাৰ কৰি কাঠমাণ্ডুলৈ লৈ অনা হৈছে । দুই এদিনৰ ভিতৰত অসম পাব দুইজন যুৱক । ইফালে সমৰ আৰু পংকজৰ পৰিয়ালত এক শান্তিৰ পৰিবেশ দেখা গৈছে । আনহাতে একে গাঁৱৰ অৰুন মহন্তৰ সন্ধান লাভ কৰা নাই । অৰুণ মহন্তৰ পৰিয়ালত দেখা গৈছে এক গম্ভীৰ পৰিবেশ ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ