
নতুন দিল্লী, ২৯ আগষ্ট (হি.স.)। নেপালত বানপানী আৰু ভূমিস্খলনৰ পিছত চলি থকা সাহায্য আৰু উদ্ধাৰ অভিযানৰ মাজতে শনিবাৰে জলবিদ্যুৎ প্ৰকল্পৰ পৰা নিৰাপদে উদ্ধাৰ কৰা হয় চাৰিজন ভাৰতীয় নাগৰিকক। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই চাৰিজনে অতি সোনকালে কাঠমাণ্ডুত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। ভাৰতে নিৰুদ্দেশ হোৱা লোকসকলক চিনাক্তকৰণ আৰু উদ্ধাৰ অভিযানত সহায় কৰিবলৈ ফৰেনছিক আৰু সুৰংগ উদ্ধাৰ বিশেষজ্ঞৰ দলো নেপাললৈ প্ৰেৰণ কৰিছে।
এম ই এৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত উল্লেখ কৰে যে ৰাছুৱাৰ জলবিদ্যুৎ প্ৰকল্পৰ পৰা চাৰিজন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰা হৈছে। তেওঁলোক হ’ল ৰিপু কুমাৰ, চন্দ্ৰশেখৰ নাৰ্জাৰী, কৃপাশংকৰ আৰু মহম্মদ মিনহাজুদ্দিন। তেওঁলোক শীঘ্ৰে কাঠমাণ্ডু উপস্থিত হোৱাৰ সম্ভাৱনা আছে।
মন্ত্ৰালয়ে লগতে উল্লেখ কৰে যে ভাৰতৰ পৰা ছয়জনীয়া ফৰেনছিক বিশেষজ্ঞৰ এটা দলো মৃতকৰ অৱশিষ্ট চিনাক্তকৰণত সহায় কৰিবলৈ নেপালত উপস্থিত হৈছে। এই দলটোৱে নেপাল কৰ্তৃপক্ষক ডি এন এৰ নমুনা বিশ্লেষণ কৰি মৃতক চিনাক্ত কৰাত সহায় কৰিব।
সুৰংগ উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা বিশেষ কাৰিকৰী দলটোও কাঠমাণ্ডুত উপস্থিত হৈছে। এই দলটোৱে বৃহস্পতিবাৰে সুৰংগ উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰি শুকুৰবাৰে ক্ষতিগ্ৰস্ত অঞ্চলটোৰ বিশদ মূল্যায়ন কৰে। দলটোৰ পৰামৰ্শৰ ভিত্তিত ভাৰতৰ পৰা বিশেষ সুৰংগ উদ্ধাৰ সঁজুলিৰে আন এটা দল শনিবাৰে নেপালত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি শনিবাৰে চীনৰ ফালৰ পৰা ১২০ জন ভাৰতীয় নাগৰিকে নেপালত প্ৰৱেশ কৰে। ইতিমধ্যে চীনৰ পৰা আৱদ্ধ ভাৰতীয় নাগৰিকক উদ্ধাৰৰ প্ৰচেষ্টা চলি আছিল। প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ মাজত নেপালত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে।
মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই পৰ্যন্ত মুঠ ৮৮ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰাৰ বিপৰীতে ২৮৭ জন নিৰুদ্দেশ হৈ আছে। ইয়াৰ উপৰিও ভাৰতীয় মূলৰ ১২৮ জন লোক নিৰুদ্দেশ হোৱা বুলিও জানিব পৰা গৈছে।
উল্লেখযোগ্য যে ২৬ আগষ্টত সংঘটিত হোৱা ভয়াৱহ বানপানী আৰু ভূমিস্খলনৰ পিছত নেপালত এক বৃহৎ উদ্ধাৰ অভিযান চলি আছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পথ, দলং, যোগাযোগ ব্যৱস্থাৰ ব্যাপক ক্ষতিৰ বাবে উদ্ধাৰকাৰী দলসমূহে বহু স্থানত উপনীত হোৱাত অসুবিধাৰ সন্মুখীন হৈছে। ভাৰতে নেপালৰ সৈতে অহৰহ যোগাযোগত আছে আৰু সাহায্য সামগ্ৰী, চিকিৎসা, খনি উদ্ধাৰ, আৰু অন্যান্য কাৰিকৰী সহায় আগবঢ়াই আছে। ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নেপাললৈ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ দল আৰু সঁজুলি প্ৰেৰণৰ প্ৰস্তাৱ দিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া