
নতুন দিল্লী, ২৯ আগষ্ট (হি.স.)। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে শনিবাৰে উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণন, লোকসভাৰ অধ্যক্ষ ওম বিৰলাকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু নেতাই দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। নেতাসকলে হকী কিংবদন্তি মেজৰ ধ্যান চান্দৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে দেশৰ ক্ৰীড়া জগতলৈ আগবঢ়োৱা অৱদানৰ কথা স্মৰণ কৰে।
উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ শুভেচ্ছা জনায়। তেওঁ কয় যে মেজৰ ধ্যান চান্দৰ কিংবদন্তি উত্তৰাধিকাৰে দেশত দৃঢ়তা, অনুশাসন, আৰু উৎকৃষ্টতাক অনুপ্ৰাণিত কৰে। তেওঁ লগতে কয় যে ভাৰতৰ দ্ৰুতগতিত শক্তিশালী হৈ অহা ক্ৰীড়া পৰিৱেশ তন্ত্ৰই প্ৰতিটো স্তৰতে প্ৰতিভাক লালন-পালন কৰাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। ভাৰতীয় খেলুৱৈসকলে বিশ্বৰ মঞ্চত ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰি জাতিলৈ গৌৰৱ কঢ়িয়াই আনিছে।
ৰাধাকৃষ্ণনে ফিটনেছক প্ৰসাৰিত কৰিবলৈ, ক্ৰীড়াত অধিক অংশগ্ৰহণ নিশ্চিত কৰিবলৈ, যুৱক-যুৱতীসকলক কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাৰে উৎকৃষ্টতা অৰ্জন কৰিবলৈ অনুপ্ৰাণিত কৰিবলৈ আহ্বান জনায়।
লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মেজৰ ধ্যান চান্দক স্মৰণ কৰি কয় যে তেওঁৰ অসাধাৰণ প্ৰতিভা, অনুশাসন, নিষ্ঠা আৰু ৰাষ্ট্ৰৰ হৈ খেলাৰ মনোভাৱে ভাৰতীয় হকীয়ে বিশ্ব মঞ্চত এক সন্মানীয় স্বীকৃতি অৰ্জন কৰিছিল। তেওঁ কয় যে হকী যাদুকৰৰ উত্তৰাধিকাৰে দেশৰ লাখ লাখ যুৱক-যুৱতীক অনুপ্ৰাণিত কৰি আহিছে। কঠোৰ পৰিশ্ৰম, অনুশাসন, দৃঢ়তাৰে প্ৰতিভাক অসাধাৰণ কৃতিত্বলৈ ৰূপান্তৰিত কৰিব পাৰি বুলি মেজৰ ধ্যান চান্দই প্ৰমাণ কৰিলে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে মেজৰ ধ্যান চান্দে তেওঁৰ ব্যতিক্ৰমী প্ৰতিভাৰ জৰিয়তে ভাৰতীয় হকীক বিশ্বজুৰি নতুন উচ্চতালৈ লৈ যায়। তেওঁ কয় যে মেজৰ ধ্যান চান্দৰ এথলেটিক দক্ষতা এনেকুৱা আছিল যে সমগ্ৰ বিশ্বই তেওঁৰ হকী দক্ষতাক প্ৰশংসা কৰিছিল। দেশৰ স্বাধীনতাৰ আগলৈকে তেওঁ নিজৰ খেলেৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিল। শ্বাহে তেওঁৰ অনুশাসন, কঠোৰ পৰিশ্ৰম, আৰু জাতিৰ প্ৰতি সমৰ্পণক ভাৰতীয় ক্ৰীড়াৰ এক অমূল্য উত্তৰাধিকাৰ বুলি অভিহিত কৰে।
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়েও কিংবদন্তি হকী খেলুৱৈ মেজৰ ধ্যান চান্দৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পদ্মভূষণ বঁটা লাভ কৰা মেজৰ ধ্যান চান্দক তেওঁ বিনম্ৰ শ্ৰদ্ধাঞ্জলি জনায়।
কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উল্লেখ কৰে যে মেজৰ ধ্যান চান্দৰ অতুলনীয় দক্ষতা, নিষ্ঠা, আৰু হকীৰ প্ৰতি থকা প্ৰেমে ভাৰতীয় প্ৰজন্মক অনুপ্ৰাণিত কৰিছে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত খেলুৱৈসকলক সবলীকৰণ, যুৱ প্ৰতিভাক লালন-পালন কৰা, ক্ৰীড়াৰ আকাংক্ষাক ৰাষ্ট্ৰীয় কৃতিত্বলৈ ৰূপান্তৰিত কৰাৰ বাবে এক শক্তিশালী ক্ৰীড়া পৰিৱেশ তন্ত্ৰ গঢ়ি তোলা হৈছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নড্ডাই উল্লেখ কৰে যে মেজৰ ধ্যান চান্দৰ ব্যতিক্ৰমী ক্ৰীড়া প্ৰতিভা, অনুশাসন, আৰু দেশপ্ৰেমে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিল। তেওঁ উল্লেখ কৰে যে মেজৰ ধ্যান চান্দৰ জীৱন আৰু অৱদানে ভৱিষ্যত প্ৰজন্মক ক্ৰীড়া আৰু উৎকৃষ্টতাৰ বাবে চেষ্টা কৰিবলৈ অনুপ্ৰাণিত কৰি যাব। তেওঁ কিংবদন্তি হকী খেলুৱৈগৰাকীৰ উত্তৰাধিকাৰক দেশৰ খেলুৱৈসকলৰ বাবে অহৰহ প্ৰেৰণাৰ উৎস বুলি অভিহিত কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া