মৰিগাঁৱত কেইবাটাও তিৱা জনগোষ্ঠীয় সংগঠনৰ উত্তাল প্ৰতিবাদ, স্মাৰকপত্ৰ প্ৰদান
মৰিগাঁৱত কেইবাটাও তিৱা জনগোষ্ঠীয় সংগঠনৰ উত্তাল প্ৰতিবাদ
মৰিগাঁৱত কেইবাটাও তিৱা জনগোষ্ঠীয় সংগঠনৰ উত্তাল প্ৰতিবাদ


মৰিগাঁৱত কেইবাটাও তিৱা জনগোষ্ঠীয় সংগঠনৰ উত্তাল প্ৰতিবাদ


মৰিগাঁও, ২৯ আগষ্ট (হি.স.)। আজি মৰিগাঁও চহৰত তিৱা ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ, তিৱা সাংস্কৃতিক সমাজ আৰু তিৱা মহিলা সন্থাৰ উদ্যোগত গন ধৰ্ণা কাৰ্যসূচী ৰূপাযণ কৰে। জনগোষ্ঠী টোৰ মূল দাবী ষষ্ঠ অনুসূচীত অন্তভুক্ত কাৰণৰ উপৰিও যি সমূহ অ মীমাংশিত দাবী সেই সমূহ সমাধানৰ উদ্দেশ্যে পুনৰ দৃষ্টি গোচৰ কৰিবলৈ মৰিগাঁও জিলা আয়ুক্তৰ জৰিয়তে মুখ্মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

ইয়াৰ সমান্তৰালকৈ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰো দাবী জনায় প্ৰতিবাদীসকলে। উল্লেখ্য যে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ ম্যাদ উকলাৰ পিছত যদিও চৰকাৰে ৬ মাহ ম্যাদ বৃদ্ধি কৰিছিল, কিন্তু এতিয়া সেই ছয় মাহ উকলি যোৱাৰ পিছত পৰিষদ খনলৈ আহি পৰিছে অচলাৱস্থা । এই অচলাৱস্থা দূৰ কৰিবলৈ অনতি বিলম্বে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনায় । লগতে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে নিজৰ পুত্ৰক মুখ্য কাৰ্যবাহী পতাৰ স্বাৰ্থত জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণোজ পেগুক পত্ৰ প্ৰেৰণ কৰি এধক কমিটি পাতি পুত্ৰ মদন দেউৰীক মুখ্য কাৰ্যবাহী সদস্য পাতিব বিচৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে সংগঠন টোৱে এই কাৰ্যৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে ।

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande