
কোকৰাঝাৰ, ২৯ আগষ্ট (হি.স.)। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ কাজিগাঁও বজাৰত পৰ্বতঝোৰা মণ্ডল বিজেপিৰ অবিচি মৰ্চাৰ সভাপতি মদন পালৰ ঘৰত কালি নিশা এদল দুৰ্বৃত্ত প্ৰৱেশ কৰি বিজেপি নেতা গৰাকীক আক্ৰমণ কৰাৰ লগতে নেতা গৰাকীৰ বৃদ্ধা
মা,পত্নী আৰু পৰিয়ালৰ কেইবাজন সদস্যক মাৰপীঠ কৰি আঘাত কৰে।এই আক্ৰমণৰ খবৰ কাজিগাঁও আৰক্ষীয়ে খবৰ পোৱাত ঘটনাস্থলীত উপস্থিতহৈ আঘাতপ্ৰাপ্ত সকলোক উদ্ধাৰ কৰি চিকিৎসালয় প্ৰেৰণ কৰে।উক্ত ঘটনাক কেন্দ্ৰ কৰি কাজিগাঁও বজাৰত চাঞ্চল্য সৃষ্টি হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ