নেপালৰ ভয়ংকৰ জলপ্ৰলয়ৰ পাছৰে পৰা সন্ধানহীন হৈ আছে মেৰাপানীৰ এজন যুৱক
গোলাঘাট, ২৯ আগষ্ট (হি.স.)। নেপালৰ ভয়ংকৰ জলপ্ৰলয়ৰ পাছৰে পৰা সন্ধানহীন হৈ আছে মেৰাপানীৰ এজন যুৱক। মেৰাপানীৰ ১ নং জয়পুখুৰী গাঁৱৰ ৰাহুল দৈমাৰী নামৰ যুৱকজন নেপালত কৰ্মসূত্ৰে গৈছিল। নেপালত সংঘটিত জলপ্ৰলয়ৰ পাছৰে পৰা পৰিয়ালৰ সৈতে কোনো ধৰণৰ যোগাযোগ হোৱা না
নেপালৰ ভয়ংকৰ জলপ্ৰলয়ৰ পাছৰে পৰা সন্ধানহীন হৈ আছে মেৰাপানীৰ এজন যুৱক


গোলাঘাট, ২৯ আগষ্ট (হি.স.)। নেপালৰ ভয়ংকৰ জলপ্ৰলয়ৰ পাছৰে পৰা সন্ধানহীন হৈ আছে মেৰাপানীৰ এজন যুৱক।

মেৰাপানীৰ ১ নং জয়পুখুৰী গাঁৱৰ ৰাহুল দৈমাৰী নামৰ যুৱকজন নেপালত কৰ্মসূত্ৰে গৈছিল। নেপালত সংঘটিত জলপ্ৰলয়ৰ পাছৰে পৰা পৰিয়ালৰ সৈতে কোনো ধৰণৰ যোগাযোগ হোৱা নাই ৰাহুলৰ। জানিব পৰা মতে, যোৱা প্ৰায় এবছৰ ধৰি নেপালৰ এটা পাইপলাইন কোম্পানীত কৰ্মৰত আছিল ৰাহুল দৈমাৰী। যোৱা ১৪ আগষ্টত শেষবাৰৰ বাবে কৰ্মসূত্ৰে নেপাললৈ গৈছিল তেওঁ।

ইফালে, নেপালৰ বান পৰিস্থিতিৰ পাছৰে পৰা ৰাহুলৰ সৈতে যোগাযোগ স্থাপন কৰিব নোৱাৰাত উদ্বিগ্ন হৈ পৰিছে পৰিয়ালৰ লোক। সন্ধানহীন হৈ থকা ৰাহুলৰ মাতৃসহ পৰিয়ালৰ সদস্যসকল এতিয়া শোক আৰু উৎকণ্ঠাত দিন কটাবলগীয়া হৈছে।

উল্লেখযোগ্য যে, নেপালৰ বানত সন্ধানহীন হোৱা লোকৰ তালিকাত ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰা ১২জনীয়া তালিকাত ৰাহুল দৈমাৰীৰ নামো অন্তৰ্ভুক্ত হোৱা বুলি জানিব পৰা গৈছে।

সন্ধানহীন ৰাহুলক শীঘ্ৰে উদ্ধাৰ কৰি পৰিয়ালৰ সৈতে পুনৰ মিলাই দিয়াৰ বাবে চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত আহ্বান জনাইছে পৰিয়ালৰ লোকে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande