অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে লক্ষীপুৰ আৰক্ষীৰ অভিযান
গোৱালপাৰা, ২৯ আগষ্ট (হি.স.)। অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে লক্ষীপুৰ আৰক্ষীৰ অভিযান। ১২ টাকৈ গৰুসহ ৩ জনক আটক আৰক্ষীৰ।গোৱালপাৰা জিলাত অবৈধভাৱে গৰু সৰবৰাহৰ বিৰুদ্ধে কালি নিশা লক্ষীপুৰ আৰক্ষীৰ অভিযান।লক্ষীপুৰ, জলেশ্বৰ আৰু ধুমেৰঘাট আৰক্ষীৰ যৌথ অভিযানত একলা
অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে লক্ষীপুৰ আৰক্ষীৰ অভিযান


গোৱালপাৰা, ২৯ আগষ্ট (হি.স.)। অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে লক্ষীপুৰ আৰক্ষীৰ অভিযান।

১২ টাকৈ গৰুসহ ৩ জনক আটক আৰক্ষীৰ।গোৱালপাৰা জিলাত অবৈধভাৱে গৰু সৰবৰাহৰ বিৰুদ্ধে কালি নিশা লক্ষীপুৰ আৰক্ষীৰ অভিযান।লক্ষীপুৰ, জলেশ্বৰ আৰু ধুমেৰঘাট আৰক্ষীৰ যৌথ অভিযানত একলা শালবাৰী অঞ্চলত অভিযান চলাই ১২টাকৈ গৰুসহ তিনিজন ব্যক্তিক আটক কৰে আৰক্ষীয়ে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, অসম–মেঘালয় আন্তঃৰাজ্যিক সীমান্ত অতিক্ৰম কৰি গৰুসমূহ মেঘালয়লৈ সৰবৰাহ কৰাৰ চেষ্টা চলাই থকা অৱস্থাতে গৰু সহ তিনিওজনক আটক কৰা হয়। আটকাধীন লোককেইজন ক্ৰমে সাহজামাল হক, হাফিজুৰ ৰহমান আৰু আবুল হোছেন। তিনিওজনৰ ঘৰ মেঘালয়ৰ তুৰা অঞ্চলত বুলি জানিব পৰা গৈছে।

প্ৰাথমিক তথ্য অনুসৰি, উদ্ধাৰ কৰা গৰুসমূহ গোৱালপাৰাৰ গৌৰনগৰৰ দামৰীভাষা গোহাটৰ পৰা লৈ যোৱা হৈছিল।আৰক্ষীয়ে গৰুসমূহ জব্দ কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। গৰু সৰবৰাহৰ সৈতে আৰু কোনো লোক জড়িত আছে নেকি, সেই বিষয়েও আৰক্ষীয়ে তদন্ত চলাই আছে।

অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ এনে অভিযান অব্যাহত থাকিব বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande