
কোকৰাঝাৰ, ২৯ আগষ্ট (হি.স.)। কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম পৌৰসভাৰ অন্তৰ্গত পচাগড় ৰামকৃষ্ণপাৰাত পাইপযোগে খোৱা পানী যোগান আঁচনিৰ আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। ফকিৰাগ্ৰাম পৌৰসভাৰ পৌৰপতি চুলতান আলমে আঁচনি খন উদ্বোধন কৰি অঞ্চলবাসীক নিৰাপদ আৰু বিশুদ্ধ খোৱা পানী যোগানৰ ক্ষেত্ৰত এই পদক্ষেপে এক নতুন দিগন্ত সূচনা কৰিব বুলি মন্তব্য কৰে।
উদ্বোধনী অনুষ্ঠানত উপ-পৌৰপতি প্ৰণৱ শৰ্মা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কোকৰাঝাৰ-১ সংমণ্ডলৰ অভিযন্তা মনোজ নন্দী, চিএছবিৰ সদস্য তথা সমাজকৰ্মী প্ৰবীৰ সান্যাল, ৱাৰ্ড সদস্য পৰিমল ধৰ আৰু ৰাজীৱ সৰকাৰ, ঠিকাদাৰ আব্দুল ৰহিমৰ লগতে বহু গণ্যমান্য ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
অনুষ্ঠানত বক্তা সকলে কয় যে, এই পানী যোগান আঁচনিয়ে পচাগড় ৰামকৃষ্ণপাৰা অঞ্চলৰ দীৰ্ঘদিনীয়া খোৱা পানীৰ সমস্যাৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব। লগতে আঁচনি খনৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ পানী যোগান নিশ্চিত হোৱাৰ ফলত জনস্বাস্থ্য উন্নয়নৰ ক্ষেত্ৰতো ইতিবাচক প্ৰভাৱ পৰিব বুলি আশা প্ৰকাশ কৰা হয়।
স্থানীয় ৰাইজে এই উন্নয়নমূলক পদক্ষেপক আদৰণি জনাই ফকিৰাগ্ৰাম পৌৰসভা আৰু সংশ্লিষ্ট বিভাগক ধন্যবাদ জ্ঞাপন কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ