
তেহৰাণ, ২৯ আগষ্ট (হি.স.)। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে পশ্চিমীয়া দেশসমূহে মানৱ অধিকাৰৰ বিষয়টো ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ কয় যে মানৱ অধিকাৰ পশ্চিমীয়া দেশৰ হাতত ৰাজনৈতিক অস্ত্ৰ হৈ পৰিছে আৰু নিজৰ স্বাৰ্থ পূৰণৰ বাবে ব্যৱহাৰ কৰা হৈছে।
ইৰাণ চৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় বাতৰি নেটৱৰ্ক প্ৰেছ টিভিৰ মতে, তেহৰাণত অনুষ্ঠিত মিনাব স্কুল চিত্ৰ প্ৰদৰ্শনীৰ সময়ত আৰাঘচিয়ে এই মন্তব্য কৰে। এই প্ৰদৰ্শনীত ইৰাণৰ বিৰুদ্ধে আমেৰিকা-ইজৰাইল যুদ্ধৰ প্ৰথম দিন ২৮ ফেব্ৰুৱাৰীত মিনাবৰ এখন বিদ্যালয়ত হোৱা আক্ৰমণৰ সৈতে জড়িত শিল্পকৰ্ম প্ৰদৰ্শন কৰা হৈছে।
ইৰাণৰ বৈদেশিক মন্ত্ৰীয়ে কয় যে যদি আন দেশসমূহে মানৱ অধিকাৰৰ প্ৰকৃত অৰ্থ চাব আৰু বুজিব বিচাৰে তেন্তে এই প্ৰদৰ্শনীখন চাবলৈ আৰু ইয়াত প্ৰদৰ্শিত শিল্পকৰ্মসমূহ বুজিব লাগে।
প্ৰদৰ্শনীৰ ফালে ইংগিত দি তেওঁ ক'লে, মানৱ অধিকাৰ ইয়াত আছে। আৰাঘচিৰ মতে, প্ৰদৰ্শনীখনত থকা ফটোবোৰে ঘটনাবোৰ আৰু ইয়াৰ মানৱীয় প্ৰভাৱ উন্মোচন কৰে।
আৰাঘচিয়ে দক্ষিণ ইৰাণৰ মিনাব চহৰৰ শ্বাজাৰেহ টায়েবেহ স্কুলত হোৱা আক্ৰমণৰ কথা উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে ২৬৪ জন ছাত্ৰ-ছাত্ৰী শ্ৰেণীত থকাৰ সময়তে এই ক্ষেপণাস্ত্ৰ আক্ৰমণ সংঘটিত হয়।
ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ মতে, এই আক্ৰমণত ৭-১২ বছৰ বয়সৰ ১৬৮ জন ছাত্ৰ-ছাত্ৰী আৰু ২৬ জন শিক্ষক নিহত হোৱাৰ বিপৰীতে ৯৬ জনতকৈ অধিক শিক্ষক আহত হয়। কিন্তু এই পৰিসংখ্যা আৰু আক্ৰমণৰ পৰিস্থিতি নিশ্চিত কৰিবলৈ ততাতৈয়াকৈ কোনো স্বতন্ত্ৰ সূত্ৰ পোৱা নগ’ল।
আব্বাছ আৰাঘচিয়ে উল্লেখ কৰে যে ইৰাণে মিনাব স্কুলৰ ল’ৰা-ছোৱালীক হেৰুৱাইছিল যদিও ইৰাণৰ জনসাধাৰণৰ বাবে তেওঁলোক “বীৰত্বৰ উদাহৰণ” হৈ পৰিছে। তেওঁ কয় যে মিনাব স্কুল আৰু ইয়াৰ সন্তান ইৰাণৰ জনসাধাৰণৰ বাবে এক কিংবদন্তি হৈ পৰিছে। তেওঁ স্পষ্ট কৰি দিয়ে যে ইৰাণে এই ঘটনাক পাহৰি নাযায় বা আওকাণ নকৰে।
তেওঁ আশা প্ৰকাশ কৰে যে প্ৰদৰ্শনীখন আন দেশলৈ লৈ যোৱা হ’ব, যদিহে তেওঁলোকে ইয়াক প্ৰদৰ্শন কৰিবলৈ অনুমতি দিয়ে আৰু কথিত মানৱ অধিকাৰৰ অন্যায়ৰ পৰিণতি চাবলৈ “সাহস” দেখুৱায়।
ইৰাণৰ বৈদেশিক মন্ত্ৰীয়ে মানৱ অধিকাৰ বিষয়ত নিজৰ দেশৰ স্থিতি স্পষ্ট কৰি কয় যে ইৰাণে “মানৱ অধিকাৰত সঁচাকৈয়ে বিশ্বাস কৰে” আৰু ইৰাণৰ জনসাধাৰণৰ অধিকাৰ সদায় সুৰক্ষিত কৰি আহিছে।
আব্বাছ আৰাঘচিয়ে কয় যে ইৰাণে আন দেশক মানৱ অধিকাৰৰ বিষয়টো ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিবলৈ নিদিয়ে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া