
শিৱসাগৰ, ২৯ আগষ্ট (হি.স.): শিৱসাগৰ জিলাৰ আমগুৰিৰ কাঠকটীয়া বৰুৱা আলি নিৰ্মানত অনিয়মৰ অভিযোগ উত্থাপিত হৈছে । আমগুৰিৰ কাঠকটীয়া বৰুৱা আলি নিৰ্মানত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ আমগুৰি আঞ্চলিক সমিতিয়ে।
উত্থাপিত অভিযোগ অনুসৰি বৰ্তমান নাজিৰা সমষ্টিৰ অন্তৰ্গত ১১.৫৬৬ কিলোমিটাৰ দৈঘ্যৰ পথটোৰ নিৰ্মানত প্ৰায় ৯১ লাখ টকা আত্মসাৎ কৰিছে বিভাগীয় বিষয়া আৰু ঠিকাদাৰী প্ৰতিষ্ঠানে। টাইপাৰ জিলা সমিতিৰ জিলাৰ সহকাৰী সম্পাদক আদিত্য ৰূচাওৱে তথ্য জনাৰ অধিকাৰ আইনৰ যোগেদি লাভ কৰা তথ্যনুসৰি পথটোৰ নিৰ্মানৰ প্ৰাককলন অনুসৰি ৯৭ লাখ টকাৰ মাটিৰ কামৰ বাবে ধাৰ্য কৰা হৈছিল। কিন্তু পথটো নিৰ্মাণৰ সময়ত প্ৰায় ৯২ লাখ টকাৰ কাল্পনিক মাটিৰ কাম দেখুৱাই ৰাজহুৱা ধন লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন কৰিছে। পথটোত শিলগুটি পেলাই বিশৃঙ্খল ৰূপ কৰি থোৱাৰ ফলত পথচাৰীৰ লগতে বাহন সমুহে প্ৰতিদিনাই যাতায়াতত যমৰ যাতনা ভুগি আহিছে।
এই সন্দৰ্ভত টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)ৰ আমগুৰি আঞ্চলিক সমিতিয়ে আমগুৰি ৰাজহ চক্ৰ বিষয়াক স্মাৰকপত্ৰ প্ৰদান কৰে । সংগঠনটোৱে স্মাৰকপত্ৰত উল্লেখ কৰা অনুসৰি কাগজে পত্ৰই পথটোৰ মাটিৰ কামৰ বাবে ৯৭.৮০ লাখ টকা আৱন্টন দিয়া হৈছিল। ইয়াৰে ৭৭.৫১ লাখ টকা পথৰ চাইড বাম নিৰ্মাণৰ বাবে আৰু ২০.২৯ লাখ টকা মাটিৰ কামৰ বাবে আবন্টন দিয়া হৈছিল যদিও কাৰ্যতঃ সামান্য পৰিমানৰ মাটি পেলাই দেখুওৱা হৈছে, প্ৰায় ৯৭ লাখ টকাৰ আত্মসাৎ কৰাৰ বাবে বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰে মিলি অভিসন্ধি ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰিছে টাইপাই।
আনহাতে স্মাৰকপত্ৰ খনত পথটোৰ নিৰ্মানত অন্যান্য বিসংগতি থকাৰো অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে। স্মাৰকপত্ৰখনত পথটোৰ নিৰ্মানত সংঘটিত অনিয়য সন্দৰ্ভত শীঘ্ৰে তদন্ত কৰি দোষী বিয়ষা আৰু ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ দাবী জনোৱা হৈছে। অন্যথা টাইপাৰ আমগুৰি আঞ্চলিক সমিতিয়ে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলি বিভাগীয় কৰ্তৃপক্ষক সকীয়নি প্ৰদান কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ