
গুৱাহাটী, ২৯ আগষ্ট (হি.স.)। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিগত ১০০ টা দিনে ৰাজ্যখনৰ উন্নয়নক সমৃদ্ধিৰ পথেৰে আগবঢ়াই নিয়ে ৷ এই সময়চোৱা আছিল অসমৰ সংকল্পৰ পৰা সমৃদ্ধিলৈ এক বৰ্ণিল যাত্ৰা ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মাত্ৰ ১০০ দিনে কৈ দিছে আহি থকা সময়ছোৱা হব অসমৰ উন্নয়নৰ এক গুৰুত্বপূৰ্ণ সময় ৷ এই মন্তব্য ৰাজ্যিক বিজেপিৰ মিডিয়া পেনেলিষ্ট দিলীপ কুমাৰ শৰ্মাৰ৷
আজি ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা প্ৰেৰিত এক বিবৃতিযোগে শৰ্মাই কয় যে এই এশটা দিনৰ প্ৰতিটো দিন আছিল অসমৰ জনসাধাৰণৰ এক আশাৰ বতৰা। এক সুনিশ্চিত ভৱিষ্যতৰ দিকনিৰ্ণয়৷ বিগত নিৰ্বাচনত দলে গ্ৰহণ কৰা সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰাৰ এক প্ৰয়াস৷ এই প্ৰয়াসক বাস্তবায়িত কৰি প্ৰত্যাহবানৰ মাজতো আমাৰ চৰকাৰখন থমকি ৰোৱা নাছিল৷
ৰাজ্যৰ আইন-শৃংখলা,আন্তঃগাঁথনিৰ উন্নয়ন, স্বাস্থ্য, শিক্ষা,বন-পৰিৱেশ, কৃষি,উদ্যোগ, শক্তি আদি কোনো খণ্ডতে চৰকাৰখন বহি থকা নাছিল বুলিও শ্ৰী শৰ্মাই মন্তব্য কৰে৷ এফালে যেনেকৈ যুৱ সমাজৰ সৰ্বাংগীণ বিকাশৰ বাবে যুৱ সবলীকৰণ আৰু উন্নয়ন বিভাগ গঠন কৰিছিল, তেনেকৈ নাৰী শক্তিক আগুৱাবলৈ অৰুণোদয় ৩.০ ৰ শুভাৰম্ভ কৰাৰ জৰিয়তে ৩৭ লাখ আই-মাতৃক উপকৃত কৰিছিল ৷ গৰ্ভৱতী মহিলাক সময়মতে সকাহ দিবলৈ প্ৰধানমন্ত্ৰী মাতৃ যোজনাৰ অধীনত ৭৮,৪৯০ গৰাকী মাতৃক ডিবিটিৰ জৰিয়তে ২৩.২৬ কোটি টকা প্ৰেৰণ কৰা হৈছিল৷ কন্যা শিক্ষাৰ দিশত অগ্ৰণী পদক্ষেপ গ্ৰহণ কৰি বাল্য বিবাহ প্ৰতিৰোধত সহায়ক হোৱাকৈ ৫.১৬ লাখ ছাত্ৰীক সামৰি লোৱা হৈছিল নিযুত মইনা আচঁনিৰ জৰিয়তে ৷ ল'ৰাৰ উচ্চাকাংক্ষাক সমৰ্থন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰম্ভ কৰিছিল নিযুত বাবু আচঁনি ৷ এই আচঁনিৰ পৰা লাভৱান হব ৯৯,০০০ ৰো অধিক ছাত্ৰ ৷
মিডিয়া পেনেলিষ্ট শৰ্মাই কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনিৰ ৰূপান্তৰ সাধন কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ সম্প্ৰসাৰণ কৰিবলৈ আইচিইউৰ ক্ষমতা বৃদ্ধিকে ধৰি বিচনাৰ সংখ্যা ৪৫০০ খনলৈ বৃদ্ধিৰ পদক্ষেপ গ্ৰহণ কৰে ৷ অসমৰ স্বাস্থ্য সেৱাৰ উন্নতৰূপৰ বাবেই প্ৰসূতিৰ মৃত্যুৰ হাৰ ৮৪ লৈ হ্ৰাস কৰিব পৰাটো চৰকাৰখনৰ কাৰণে এক সফলতা ৷ এই হাৰ ৰাষ্ট্ৰীয় গড়তকৈ কম৷
শিক্ষা খণ্ডত আইআইএম গুৱাহাটীৰ প্ৰথমবৰ্ষীয় এম বিএ পাঠ্যক্ৰমৰ আৰম্ভণি কৰা হয় ৷ তেনেকৈ ২ খনকৈ অভিযান্ত্ৰিক মহাবিদ্যালয়, টিংখাং পলিটেকনিক আৰু ২ খন আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হয়৷ বিগত ১০০ টা দিনত কৃষি আৰু জলসিঞ্চন খণ্ডত এক অভূতপূৰ্ব পৰিবৰ্তন আনিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ কৃষকৰ উপাৰ্জন বৃদ্ধিৰ দিশত এখোজ আগবাঢ়ি চৰকাৰে কৃষকক দিবলগীয়া নূন্যতম সমৰ্থন মূল্য বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লৈছে ৷
এই বৃদ্ধি ধানত ২০০ টকা আৰু সৰিয়হত ৩০০ টকাকৈ অতিৰিক্তভাৱে কৃষকে লাভ কৰিব৷ অসমক সেউজকৰণৰ দিশত আৰু এটা খোজ আগবঢ়াই চৰকাৰে ছাত্ৰছাত্ৰীৰ সহযোগত সমগ্ৰ ৰাজ্যখনতে ডেৰ কোটি গছপুলি ৰুই এক অভিলেখ গঢ়িছে৷
অহা পাচটা বছৰত ২ লাখ যুৱক-যুৱতীক চৰকাৰী খণ্ডত নিযুক্তি দিয়াৰ কথা ঘোষণা কৰি ইতিমধ্যে ২০০ টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন জাৰী কৰাটোৱেই চৰকাৰখনৰ নিবনুৱা যুৱকযুৱতীৰ প্ৰতি থকা দায়বদ্ধতাকে সূচাইছে বুলিও দিলীপ কুমাৰ শৰ্মাই মতপোষণ কৰে ৷
শৰ্মাই পুনৰ কয় যে ৰাজ্যখনক উন্নয়নৰ দিশত খোজ পেলোৱাৰ সময়তে উজনি অসমৰ চাৰিখন জিলাত হঠাতে অহা মহাপ্ৰলয়ে লাখ লাখ মানুহৰ সপোন থানবান কৰি দিয়ে ৷ এই দুৰ্যোগপূৰ্ণ আৰু প্ৰত্যাহ্বানজনক সময়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দৃঢ়তাৰে ঠিয় দি উদ্ধাৰ আৰু তৎকালীন সাহায্যৰ কাম সুকলমে সম্পাদন কৰি অন্য এক নজিৰ স্হাপন কৰিছে ৷ দুৰ্যোগত আক্ৰান্ত জনসাধাৰণক স্হায়ী ক্ষতিপূৰণ দিবলৈ চৰকাৰে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি থকা বুলিও শৰ্মাই মন্তব্য কৰে ৷
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী