মৰাণৰ খটখটিত সংঘটিত পথ দুৰ্ঘটনাত চাৰিজন আহত
ডিব্ৰুগড়, ২৯ আগষ্ট (হি.স.)। মৰাণৰ খটখটিত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা। তিনিচুকীয়াৰ পৰা যোৰহাট অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী বাহনে খুন্দিওৱাৰ ফলত বাগৰি পৰিল এখন চাৰিচকীয়া বাহন। দুৰ্ঘটনাটোত চালক সহ একেটা পৰিয়ালৰে চাৰিজনকৈ ল
মৰাণৰ খটখটিত সংঘটিত পথ দুৰ্ঘটনাত চাৰিজন আহত


ডিব্ৰুগড়, ২৯ আগষ্ট (হি.স.)। মৰাণৰ খটখটিত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা। তিনিচুকীয়াৰ পৰা যোৰহাট অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী বাহনে খুন্দিওৱাৰ ফলত বাগৰি পৰিল এখন চাৰিচকীয়া বাহন। দুৰ্ঘটনাটোত চালক সহ একেটা পৰিয়ালৰে চাৰিজনকৈ লোক আহত হয়।

মৰাণ বাইপাছৰ খটখটিত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনা। জানিব পৰা মতে, এএছ ২৩এএল ৬৪১২ নম্বৰৰ 'কিয়া' বাহন খনেৰে পৰিয়ালটো তিনিচুকীয়াৰ পৰা যোৰহাট অভিমুখে গৈ আছিল। তেনে সময়তে খটখটিত হঠাৎ বিপৰীত ফালৰ পৰা অহা এখন বাহনে সন্মুখৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰি পলায়ন কৰে।

ফলত বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পথৰ কাষৰ খাদত সোমাই পৰে। দুৰ্ঘটনাটোত বাহন খনৰ চালক প্ৰাঞ্জল গগৈ গুৰুতৰভাৱে আহত হোৱাৰ লগতে গাড়ী খনত থকা যোৰহাটৰ ৰাকেশ আগৰৱালা, ১৪ বছৰীয়া কিশোৰ হৰ্ষিত আগৰৱালা, তিনিচুকীয়াৰ মধু গুপ্তা আৰু ডুমডুমাৰ সুমন আগৰৱালা আহত হয়। দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকৰ সহযোগত আহত সকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে মৰাণ মেডিকেল চেন্টাৰলৈ প্ৰেৰন কৰা হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande