
বাক্সা, ২৯ আগষ্ট (হি.স.)। অসমত সক্ৰিয় আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰ।
অসমৰ চুৰি গাড়ী বিক্ৰী হয় বাংলাদেশত।
বাংলাদেশত চোৰাংকৈ বিক্ৰী কৰিবলৈ নিয়া দুখন বাইক সহ চাৰি বাইক চোৰক মেঘালয়ৰ মৌচিনৰামৰ পৰা গ্ৰেপ্তাৰ।
ধৃত চোৰ কেইটা গোৰেশ্বৰৰ সমীপবৰ্তী ৩নং জলথেংপাৰৰ সুক্ৰাম বড়ো, ঔবাৰীৰ
কৰণ চুণ্ডী, উপৰখুটিৰ
নিপু দাস আৰু বাঙালীপাৰাৰ বাবু বসুমতাৰী।
ইয়াৰ সুক্ৰাম বড়ো পূৰ্বতে আলফা সংক্ৰান্তীয় এক গোচৰত গ্ৰেপ্তাৰ হৈছিল।
গোৰেশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিতেশ বসুমতাৰীৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে মেঘালয় আৰক্ষীৰ সহযোগত চাৰিওটা চোৰৰ লগতে বাংলাদেশত বিক্ৰী কৰিবলৈ নিয়া এএছ ০১ এফভি-৪১৯৩ আৰু এএছ ২৭এফ -১২৬৩ নম্বৰৰ দুখন য়ামাহা বাইক উদ্ধাৰ কৰে।
বাইক দুখন গোৰেশ্বৰৰ শুক্লাই আৰু মহৰিপাৰাৰ পুখুৰীপাৰৰ পৰা চোৰ কেইটাই কেইদিনমান পূৰ্বে চুৰি কৰি নিছিল।
এই সংক্ৰান্তত গোৰেশ্বৰ থানাত ৰুজু কৰা ৫৯/২৬ নম্বৰ গোচৰত
ধৃত চোৰ কেইজনক গ্ৰেপ্তাৰ কৰি বৰ্তমান সোধা পোছা অব্যাহত ৰাখিছে। এই চুৰি কাণ্ডত আৰু অধিক লোক জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা