

কোকৰাঝাৰ, ২৯ আগষ্ট (হি.স.)। মেজৰ ধ্যানচান্দৰ স্মৃতিত কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত ছাত্ৰ-ছাত্ৰীৰ মাজত ফুটবল আৰু কাবাডী প্ৰতিযোগিতা অনুষ্ঠিত হয়। ফকিৰাগ্ৰাম ৰে’লৱে এম ই স্কুলৰ খেলপথাৰত আজি পুৱা ৮ বজাৰ পৰা ফকিৰাগ্ৰাম ৰামকৃষ্ণ সেৱাশ্ৰমৰ উদ্যোগত আৰু ফকিৰাগ্ৰাম ৰে’লৱে এম ই স্কুলৰ সহযোগত এই ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। প্ৰতিযোগিতাত বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলে উৎসাহেৰে অংশগ্ৰহণ কৰে।
প্ৰতিযোগিতাৰ অন্তত বিজয়ী দলসমূহৰ লগতে প্ৰতিভাৱান খেলুৱৈসকলক বঁটা প্ৰদান কৰি উৎসাহিত কৰা হয়। বঁটা বিতৰণ অনুষ্ঠানত ৰামকৃষ্ণ সেৱাশ্ৰমৰ সভাপতি বিশ্বজিৎ কুণ্ডু, সম্পাদক দেৱাশীষ পাল, বিদ্যালয়ৰ প্ৰধান শিক্ষক সুজয় কিশোৰ, সহকাৰী শিক্ষক দেৱাশীষ গাংগুলী আৰু আশীষ গাংগুলী উপস্থিত থাকে।
অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলো উপস্থিত থাকে। আয়োজকসকলে কয় যে এনে ক্ৰীড়া প্ৰতিযোগিতাই ছাত্ৰ-ছাত্ৰীৰ মাজত ক্ৰীড়া-চেতনা, শৃংখলা, নেতৃত্বৰ গুণ আৰু দলীয় মনোভাৱ গঢ়ি তোলাত সহায় কৰাৰ লগতে সুস্থ জীৱনশৈলীৰ প্ৰতি উৎসাহিত কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ