
কামৰূপ, ২৯ আগষ্ট (হি.স.)। ৰঙিয়াত মীনপালকক মাছৰ অন্ন বিতৰণ। তিনিআলিৰ মীন বিভাগৰ কাৰ্য্যালয়ত উপস্থিত বিধায়ক ভবেশ কলিতা সহ ৰঙিয়া সমজিলা আয়ুক্ত সহ মীন বিভাগৰ বিষয়ববীয়া।
ৰঙিয়া মীন পামত আইচিএআৰ-চিআইএফএৰ উত্তৰ পুৰ্বাঞ্চল কাৰ্যসূচীৰ অধীনত মীন বিভাগ,কামৰূপ জিলাৰ উদ্যোগত আয়োজিত জলজ কৃষি উপকৰণ আৰু মাছৰ অন্ন বিতৰণ কৰা হয়।
অনুষ্ঠানত উপস্থিত বিধায়ক ভবেশ কলিতাই মীনপালক সকলৰ সৈতে মত বিনিময় কৰে। মীন পালনৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তি, উন্নতমানৰ উপকৰণ আৰু বৈজ্ঞানিক পদ্ধতিৰ প্ৰয়োগে উৎপাদন বৃদ্ধি কৰাৰ লগতে মীনপালক সকলৰ আৰ্থিক স্বাৱলম্বিতা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব,এই পদক্ষেপে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ লগতে যুৱ প্ৰজন্মক মীনপালনৰ প্ৰতি উৎসাহিত কৰিব বুলি জনায়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা