
নগাঁও, ২৯ আগষ্ট (হি.স.): নগাঁও জিলাৰ জখলাবন্ধা চহৰৰ মাজমজিয়াত থকা সঞ্জীৱ গোস্বামী নামৰ ব্যক্তি জনৰ ইলেক্ট্ৰনিকচ আৰু মোবাইল ৰিপিয়াৰিং ব্যৱসায় প্ৰতিষ্ঠানত যোৱা কালি শুকুৰবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । ব্যৱসায় প্ৰতিষ্ঠানৰ জুইৰ লেলিহান শিখা ইমানেই ভয়ংকৰ আছিল যে মূহুৰ্ততে ব্যৱসায় প্ৰতিষ্ঠানৰ সকলো সামগ্ৰী জ্বলি চাৰ-খাৰ হৈ যায়।
স্থানীয় লোকে তৎপৰতাৰে ব্যৱসায় প্ৰতিষ্ঠানখনৰ জুই নিৰ্বাপনৰ চেষ্টা চলায় যদিও জুইয়ে নিমিষতে ভস্মীভূত কৰি পেলায় সকলো সা-সামগ্ৰী। কাষৰ আন আন ব্যৱসায় প্ৰতিষ্ঠানলৈ জুই সম্প্ৰসাৰিত হোৱাৰ পূৰ্বে অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । প্ৰত্যক্ষ দৰ্শীৰ মতে বৈদ্যুতিক চৰ্টচাৰ্কিটৰ ফলতেই সংঘটিত হৈছে এই দুঘটনাটো। অন্যহাতেদি অগ্নিকাণ্ডৰ খবৰ পাই অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী পলম কৈ অহাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় লোকে।
অগ্নিকাণ্ডৰ ফলত প্ৰায় ২ ঘন্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথৰে যান বাহন চলাচল বন্ধ হৈ পৰে। অগ্নিকাণ্ডৰ ঘটনাৰ খবৰ পাই স্থানীয় জখলাবন্ধা আৰক্ষীৰ লগতে সমজিলা প্ৰশাসনৰ মুৰব্বী সকল উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ লগতে অগ্নিকাণ্ডৰ সূত্ৰপাত ক’ৰ পৰা কেনেকৈ হ'ল সেই সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ