জাগীৰোডৰ সমীপৰ টোপাতলীত বন্যহস্তীৰ উপদ্ৰৱ
মৰিগাঁও, ২৯ আগষ্ট (হি.স.)। জাগীৰোডৰ সমীপৰ টোপাতলীত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ ৷ বন্যহস্তীয়ে ভাঙি লণ্ডভণ্ড কৰিলে ঘৰৰ চৌহদৰ পকী বেৰ, চাইকেল ৷ টোপাতলী গাঁওপ্ৰধান বাবুল বড়োৰ গৃহৰ লগতে অঞ্চলটোৰ আন আন লোকৰ কেইবাটাও গৃহত কৰিলে ক্ষতিসাধন ৷ খাদ্যৰ সন্ধানত জনাঞ
জাগীৰোডৰ সমীপৰ টোপাতলীত বন্যহস্তীৰ উপদ্ৰৱ


মৰিগাঁও, ২৯ আগষ্ট (হি.স.)। জাগীৰোডৰ সমীপৰ টোপাতলীত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ ৷ বন্যহস্তীয়ে ভাঙি লণ্ডভণ্ড কৰিলে ঘৰৰ চৌহদৰ পকী বেৰ, চাইকেল ৷ টোপাতলী গাঁওপ্ৰধান বাবুল বড়োৰ গৃহৰ লগতে অঞ্চলটোৰ আন আন লোকৰ কেইবাটাও গৃহত কৰিলে ক্ষতিসাধন ৷ খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰি খাই গ’ল ভড়ালৰ ধান ৷

দৈনিক বনৰীয়া হাতীৰ সন্ত্ৰাসত বিনিদ্ৰ ৰজনী কটাইছে এতিয়া বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণ ৷ প্ৰতিদিনে জাগীৰোডৰ মাৰ্কাংকুছি, পশ্চিম নগাঁও, মিলনপুৰ, দিকচাক আৰু টোপাতলীত আদি অঞ্চলত সন্ত্ৰাস চলাই অহা বন্যহস্তীটোক স্থানীয় ৰাইজে অন্যস্থানলৈ স্থানান্তৰৰ আহ্বান জনাইছে বনবিভাগক ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande