মুকালমুৱাত বিদ্যুৎ বিভাগৰ অভিযান
নলবাৰী, ২৯ আগষ্ট (হি.স.)। মুকালমুৱাত নিশা বিদ্যুৎ বিভাগৰ অভিযান। অবৈধ বিদ্যুৎ সংযোগৰ বিৰুদ্ধে কঠোৰ স্থিতি, জব্দ বহু বৈদ্যুতিক সঁজুলি।মুকালমুৱাৰ বিভিন্ন অঞ্চলত অবৈধ বিদ্যুৎ সংযোগ আৰু বিদ্যুৎ চুৰিৰ বিৰুদ্ধে কঠোৰ অভিযান চলাইছে বিদ্যুৎ বিভাগে। চামতা উ
মুকালমুৱাত  বিদ্যুৎ বিভাগৰ অভিযান


নলবাৰী, ২৯ আগষ্ট (হি.স.)। মুকালমুৱাত নিশা বিদ্যুৎ বিভাগৰ অভিযান। অবৈধ বিদ্যুৎ সংযোগৰ বিৰুদ্ধে কঠোৰ স্থিতি, জব্দ বহু বৈদ্যুতিক সঁজুলি।মুকালমুৱাৰ বিভিন্ন অঞ্চলত অবৈধ বিদ্যুৎ সংযোগ আৰু বিদ্যুৎ চুৰিৰ বিৰুদ্ধে কঠোৰ অভিযান চলাইছে বিদ্যুৎ বিভাগে।

চামতা উপ-সংমণ্ডলৰ অধীনস্থ চাউলখোৱা, বগুৰিহাটী, দেহৰকালাকুছিকে ধৰি কেইবাটাও অঞ্চলত নিশা অভিযান চলায় বিদ্যুৎ বিভাগৰ এটা দলে।অভিযানৰ সময়ত অবৈধভাৱে বিদ্যুৎ ব্যৱহাৰত জড়িত বিভিন্ন বৈদ্যুতিক সঁজুলি জব্দ কৰা হয়।জব্দ কৰা সামগ্ৰীসমূহৰ ভিতৰত ফেন, পানীৰ পাম্প, ফ্ৰীজ, ই-ৰিক্সাৰ বেটাৰী, চাৰ্জাৰকে ধৰি কেইবাবিধো বৈদ্যুতিক সঁজুলি। চামতা উপ-সংমণ্ডলৰ উপ-সংমণ্ডল বিষয়া হাৰেজ কুলীৰ নেতৃত্বত এই অভিযান চলোৱা হয়। অবৈধভাৱে বিদ্যুৎ সংযোগ গ্ৰহণ কৰি বিদ্যুৎ ব্যৱহাৰ কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বিভাগীয় সূত্ৰই জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande