
কুইটো, ২৯ আগষ্ট (হি.স.)। চীনৰ কোম্পানী এটাৰ পৰা উৎকোচ গ্ৰহণ কৰাৰ অপৰাধত ইকুৱেডৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি লেনিন মৰেনোক দোষী সাব্যস্ত কৰি পাঁচ বছৰৰ কাৰাদণ্ড বিহা হৈছে। আদালতৰ মতে, জলবিদ্যুৎ উদ্যোগ নিৰ্মাণৰ চুক্তি লাভৰ ক্ষেত্ৰত সহায়ৰ বিনিময়ত মৰেনোৱে উৎকোচ গ্ৰহণ কৰিছিল।
আমেৰিকাৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰক এনবিচিৰ তথ্য অনুসৰি শুকুৰবাৰে আদালতত উপস্থিত আছিল ৭৩ বছৰীয়া মৰেনো। শাৰীৰিক অক্ষমতাৰ বাবে তেওঁ খোজ কাঢ়িব পৰা নাই। আদালতে তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ পৰিৱৰ্তে গৃহবন্দী হৈ শাস্তি পাৰ কৰিবলৈ নিৰ্দেশ দিয়ে।
এই গোচৰটো সেই সময়ৰ পৰাই আৰম্ভ হৈছে যেতিয়া মৰেনো প্ৰাক্তন ৰাষ্ট্ৰপতি ৰাফেল ক’ৰেয়াৰ কাৰ্যকালত ইকুৱেডৰৰ উপ-ৰাষ্ট্ৰপতি আছিল। বিচাৰ বিভাগৰ মতে, ২০০৮ চনৰ পৰা ২০১৮ চনৰ ভিতৰত এটা দুৰ্নীতিৰ নেটৱৰ্ক চলিছিল, যিয়ে চীনৰ কোম্পানী চাইনোহাইড্ৰ’ক জড়িত কৰা এটা প্ৰকল্পৰ মুঠ খৰচৰ প্ৰায় ৪% কমিচন হিচাপে সংগ্ৰহ কৰিছিল।
অভিযুক্তসকলে অভিযোগ কৰে যে মৰেনোকে ধৰি চৰকাৰী বিষয়া আৰু অন্যান্যসকলৰ মাজতো ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় লেনদেনৰ জৰিয়তে এই ধন সৰবৰাহ কৰা হৈছে। মৰেনোৰ পত্নী আৰু কন্যাকো এই গোচৰত দোষী সাব্যস্ত কৰি ৩০ মাহৰ কাৰাদণ্ড বিহা হয়। এই গোচৰত তেওঁৰ দুই ভাতৃ আৰু এজন ভায়েককো দোষী সাব্যস্ত কৰা হয়।
আদালতে অবৈধ উপায়েৰে লাভ কৰা বুলি অভিযোগ উত্থাপন কৰা ধনৰ তিনিগুণ ধন ৯০ দিনৰ ভিতৰত ঘূৰাই দিবলৈ নিৰ্দেশ দিয়ে।
এই গোচৰটো চীনৰ চিনোহাইড্ৰ’ কোম্পানীয়ে নিৰ্মাণ কৰা কোকা ক’ড’ চিনক্লেয়াৰ জলবিদ্যুৎ প্ৰকল্পৰ সৈতে জড়িত। ২০১০ চনত কোম্পানীটোৱে প্ৰায় ২ বিলিয়ন ডলাৰৰ এই প্ৰকল্পটো নিৰ্মাণ আৰম্ভ কৰিছিল আৰু ২০১৬ চনত ইকুৱেডৰক গতাই দিছিল।তাৰ পিছত প্ৰকল্পটোৰ ডিজাইন আৰু নিৰ্মাণত থকা কথিত ত্ৰুটিৰ বিষয়ে প্ৰশ্ন উত্থাপন হৈছিল।
দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হোৱা ইকুৱেডৰৰ তৃতীয়জন প্ৰাক্তন ৰাষ্ট্ৰপতি লেনিন মৰেনো। অৱশ্যে তেওঁৰ বিৰুদ্ধে থকা গোচৰটো ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়ত সংঘটিত হোৱা অভিযোগৰ অপৰাধৰ সৈতে জড়িত।
ব্ৰাজিলৰ নিৰ্মাণ কোম্পানী অডেব্ৰেক্টৰ সৈতে জড়িত উৎকোচ গোচৰত ২০২০ চনত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰাফেল ক’ৰেয়াক ৮ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। কেইবাবছৰ ধৰি বেলজিয়ামত বাস কৰা ক’ৰিয়াই তাত বিচাৰৰ সন্মুখীন হ’বলগীয়া হৈছে।
প্রাক্তন ৰাষ্ট্ৰপতি জামিল মহুয়াদকো ২০১৪ চনত ৰাজহুৱা ধনৰ অপব্যৱহাৰৰ অপৰাধত ৮ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। সংগঠিত অপৰাধৰ গোচৰত দোষী সাব্যস্ত হোৱা প্ৰাক্তন ৰাষ্ট্ৰপতি আব্ডালা বুকাৰাম শাস্তিৰ বাবে অপেক্ষা কৰি আছে।
২০০৭ চনত ৰাফেল ক’ৰেয়াৰ চৰকাৰৰ উপ-ৰাষ্ট্ৰপতি হোৱাৰ পিছত লেনিন মৰেনো ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰাধান্য লাভ কৰে। ২০১৩ চনলৈকে তেওঁ এই পদত অধিষ্ঠিত আছিল।২০১৭ চনত মৰেনোৱে ক’ৰেয়াৰ নেতৃত্বত ক’ৰেইষ্টা আন্দোলনৰ প্ৰাৰ্থী হিচাপে ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰে। জৰ্জ গ্লাছ আছিল তেওঁৰ ৰানিং মেট। ক’ৰেয়া ৰাষ্ট্ৰপতি হোৱাৰ পিছত মৰেনো আৰু ক’ৰেয়াৰ মাজত ৰাজনৈতিক বিভাজন বৃদ্ধি পালে। বৰ্তমান তেওঁ দুৰ্নীতিৰ অপৰাধত কাৰাদণ্ড ভুগি আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া