
বৰপেটা, ২৯ আগষ্ট (হি.স.)। বৰপেটা ৰোড ৰেল গেটৰ সমীপত আজি বৰপেটা ৰোড আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ড্ৰাগছ ভৰ্তি ১৮টা কণ্টেইনাৰ সহ সৰবৰাহকাৰী আৰু গ্ৰাহকক আটক কৰিব সক্ষম হয়। বৰপেটা ৰোডত আৰক্ষীয়ে চলোৱা এক সফল অভিযানে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত এক চক্রক উতখাত কৰিবলৈ সক্ষম হৈছে।
বৰপেটা ৰোড ৰেল গেটৰ সমীপত ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত আৰক্ষীয়ে অভিযান চলাই হাতে-লোটে আটক কৰে এজন সৰবৰাহকাৰী আৰু এজন গ্ৰাহকক। আৰক্ষীৰ তৎপৰতাত ধৃত সৰবৰাহকাৰী জনক হাউলীৰ কাজীৰ মিলৰ ছনিদুল হক বুলি চিনাক্ত কৰা হৈছে। আনহাতে, ড্ৰাগছ ক্ৰয় কৰিবলৈ অহা গ্ৰাহক জন বৰপেটাৰোড মণিপুৰৰ আমিনুল হক বুলি জানিব পৰা গৈছে।*
অভিযানৰ সময়ত আৰক্ষীয়ে সৰবৰাহকাৰী জনৰ জিম্মাত থকা অৱস্থাৰ পৰা ১৮টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়।
ড্ৰাগছ ব্যৱহাৰ কৰা যুৱকে সাংবাদ মাধ্যমৰ আগত জনালে কিদৰে লয় ড্ৰাগছ। বৰপেটা ৰোড আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি বৰ্তমান সোধা-পোছা অব্যাহত ৰাখিছে। ইমান বৃহৎ পৰিমাণৰ ড্ৰাগছ লগত লৈ চলি থকা এই অবৈধ লেনদেনৰ সৈতে আন কোনো লোক জড়িত আছে নেকি সেই বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু