
ধেমাজি, ২৯ আগষ্ট (হি.স.)। ধেমাজি চিটি মহাবিদ্যালয়ৰ নতুন শৈক্ষিক ভৱন উদ্বোধন শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ৷ ধেমাজি জিলা খনৰ এখন অগ্ৰনী শিক্ষানুষ্ঠান ধেমাজি চিটি মহাবিদ্যালয়ত পিএম উচাৰ অধীনত ৩ কোটি ৯০ লাখ ব্যয় কৰি নিৰ্মাণ কৰা শৈক্ষিক ভৱন আজি আনুষ্ঠানিকভাৱে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শুভ উদ্বোধন কৰে।
ধেমাজি চিটি মহাবিদ্যালয়ত এতিয়াৰে পৰা যিকোনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰিব পৰা যাব৷ প্ৰাৰম্ভিক পৰ্যায়ত এশটা কম্পিউটাৰ ছেট উপলব্ধ কৰা হব৷ মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও আশানুৰূপ ভাৱে বৃদ্ধি পাইছে বুলি মন্তব্য কৰে শিক্ষা মন্ত্ৰী গৰাকীয়ে ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু