শ্বিলংস্থিত অসম ৰেজিমেণ্টেল চেণ্টাৰ পৰিদৰ্শন কৰি যুদ্ধ স্মাৰকত বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ
অসম ৰেজিমেণ্টৰ বীৰত্ব আৰু ত্যাগৰ এক গৌৰৱময় ইতিহাস আছে ঃ মুখ্যমন্ত্ৰী গুৱাহাটী, ২৯ আগষ্ট (হি.স.)। মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি ভাৰতীয় সেনাৰ অসম ৰেজিমেণ্টৰ শ্বিলংস্থিত মুখ্য কাৰ্যালয় ‘অসম ৰেজিমেণ্টেল চেণ্টাৰ’ পৰিদৰ্শন কৰে ৷ উল্লেখযোগ্য যে
ভাৰতীয় সেনাৰ অসম ৰেজিমেণ্টৰ শ্বিলংস্থিত মুখ্য কাৰ্যালয় ‘অসম ৰেজিমেণ্টেল চেণ্টাৰ’ পৰিদৰ্শন মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ


অসম ৰেজিমেণ্টৰ বীৰত্ব আৰু ত্যাগৰ এক গৌৰৱময় ইতিহাস আছে ঃ মুখ্যমন্ত্ৰী

গুৱাহাটী, ২৯ আগষ্ট (হি.স.)। মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি ভাৰতীয় সেনাৰ অসম ৰেজিমেণ্টৰ শ্বিলংস্থিত মুখ্য কাৰ্যালয় ‘অসম ৰেজিমেণ্টেল চেণ্টাৰ’ পৰিদৰ্শন কৰে ৷ উল্লেখযোগ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ১৯৪১ চনত শ্বিলঙত এই কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল৷ দিছপুৰ অসমৰ স্থায়ী ৰাজধানী হোৱাৰ পিছত অসম ৰেজিমেণ্টেল চেণ্টাৰলৈ ৰাজ্যখনৰ কোনো মুখ্যমন্ত্ৰীৰ এয়া প্ৰথমটো ভ্ৰমণ৷ ইয়াৰ পূৰ্বে কেৱল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত বিষ্ণুৰাম মেধি আৰু প্ৰয়াত বিমলা প্ৰসাদ চলিহাইহে এই কেন্দ্ৰটো পৰিদৰ্শন কৰিছিল, যাৰ ফলত মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ আজিৰ এই ভ্ৰমণ এক ঐতিহাসিক ক্ষণ হিচাপে পৰিগণিত হৈছে ৷

আজিৰ এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীয়ে যুদ্ধ স্মাৰকত পুষ্পাঞ্জলি অৰ্পণেৰে দেশমাতৃৰ হকে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰা বীৰ শ্বহীদসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তেওঁ কেন্দ্ৰটোৰ দৰ্শনাৰ্থীৰ বহীতো স্বাক্ষৰ কৰে৷ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰটোত ড্ৰোণৰ ব্যৱহাৰেৰে অনুষ্ঠিত এক চিত্তাকৰ্ষক যুদ্ধ কৌশলৰ প্ৰদৰ্শনো প্ৰত্যক্ষ কৰে৷ ইয়াৰ উপৰি তেওঁ প্ৰশিক্ষণ ক্ষেত্ৰ পৰিদৰ্শন কৰি জংঘল লেন শ্বুটিং, কমাণ্ডো ব্ৰিফিং, ট্ৰাইবেল ট্ৰেপ আৰু ৰিফ্লেক্স শ্বুটিং ৰেঞ্জ আদিও প্ৰত্যক্ষ কৰে৷ সেনা জোৱানসকলে আজি তেওঁলোকৰ অনন্য শাৰীৰিক সক্ষমতা, মানসিক দৃঢ়তা আৰু সংকল্পক সুন্দৰভাৱে প্ৰতিফলিত কৰি উশ্বু আৰু কাৰাটেৰ কেতবোৰ কৌশলো মুখ্যমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শন কৰে৷

ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰটোৰ ‘ডাহ অডিটৰিয়াম’ত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ এই অনুষ্ঠানত ৰেজিমেণ্টৰ গৌৰৱময় ইতিহাস সম্বলিত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰাৰ লগতে সেনা জোৱানসকলৰ দ্বাৰা বিহু নৃত্য, উত্তৰ-পূবৰ যোদ্ধাসকলৰ প্ৰদৰ্শন আদি বিভিন্ন প্ৰদৰ্শনীও অনুষ্ঠিত হয় ৷

মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰটোৰ বিষয়া আৰু সেনা জোৱানসকলৰ সৈতে এক অন্তৰংগ আলাপতো মিলিত হয়৷ তেওঁ বিশেষকৈ ২৪ গৰাকী অগ্নিবীৰৰ পৰিয়াল আৰু ২০ গৰাকী প্ৰাক্তন সৈনিকৰ সৈতে মত বিনিময় কৰে৷ মুখ্যমন্ত্ৰীয়ে অসম ৰেজিমেণ্টেল চেণ্টাৰৰ মুখ্য কাৰ্যালয়ত চেণ্টাৰ কমাণ্ডেণ্টৰ পৰা সাম্প্ৰতিক পৰিস্থিতি আৰু কেন্দ্ৰটোৰ কাম-কাজ সন্দৰ্ভত এক চমু আলোচনাতো মিলিত হয়৷

দেশৰ স্বাধীনতা আৰু অখণ্ডতা সুৰক্ষাৰ বাবে জীৱন উছৰ্গা কৰা শ্বহীদসকলৰ ত্যাগৰ কথা সোঁৱৰণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই বীৰ সেনানীসকলৰ অদম্য সাহস, বীৰত্ব আৰু দেশপ্ৰেমে নৱপ্ৰজন্মক চিৰদিন অনুপ্ৰাণিত কৰি যাব৷ অসম ৰেজিমেণ্টৰ বীৰত্ব আৰু ত্যাগৰ এক গৌৰৱময় ইতিহাস আছে বুলি উল্লেখ কৰি তেওঁ কয় যে অসম ৰেজিমেণ্টেল চেণ্টাৰ পৰিদৰ্শন কৰা আৰু বীৰ সেনানী তথা তেওঁলোকৰ পৰিয়ালবৰ্গৰ সৈতে সময় অতিবাহিত কৰিবলৈ পোৱাটো তেওঁৰ বাবে এক অতিশয় সন্মানজনক আৰু গভীৰ অনুপ্ৰেৰণাদায়ক অভিজ্ঞতা৷ ‘‘আমাৰ সেনা জোৱানসকলৰ সাহসেই হৈছে আমাৰ দেশৰ প্ৰকৃত শক্তি৷ তেওঁলোকৰ এই মহান ত্যাগ আমাৰ সকলোৰে স্মৃতিত চিৰযুগমীয়া হৈ থাকিব’’– মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে ৷

মুখ্যমন্ত্ৰীৰ আজিৰ এই ভ্ৰমণকালত ১০১ এৰিয়াৰ জি অ’ চি লেফটেনেণ্ট জেনেৰেল মোহিত ৱাধৱা আৰু চেণ্টাৰ কমাণ্ডাৰ ব্ৰিগেডিয়েৰ বিকাশ ৰায় শাণ্ডিল্য উপস্থিত থাকে৷

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande