
কামৰূপ, ২৯ আগষ্ট (হি.স.)। ৰঙিয়া গুৰকুছি ৰেল ক্ৰছিংৰ সমীপত আজি সন্ধিয়া দুজন দুৰ্বৃত্তই অলোকা কুমাৰ নামৰ এগৰাকী ব্যৱসায়ী মহিলাৰ ডিঙিৰ পৰা সোনৰ চেইন কাঢ়ি নিবলৈ চেষ্টা কৰা ঘটনাই উক্ত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চেইন কাঢ়ি নিবলৈ চেষ্টা চলোৱা দুই দুৰ্বৃত্তৰ ভিতৰত এজনক স্থানীয় ৰাইজে খেদি খেদি কৰায়ত্ত কৰি ৰঙিয়া আৰক্ষীক গতাই দিয়ে ।
ৰাইজৰ হাতত আটক হোৱা দুৰ্বৃত্ত জন ৰঙিয়া ব্ৰিকফিল্ড কলনিৰ সৰু দাস ওৰফে অনিল বুলি জানিব পৰা গৈছে। ঘটনাৰ বিষয়ে জানিব দিয়ামতে মহিলা গৰাকীয়ে গুৰকুচিত এখন পান দোকান দি ব্যৱসায়ী কৰি আছিল। আজি সন্ধিয়া সময়ত দুজন যুৱক বাইকত আহি মহিলা গৰাকীৰ পৰা চিখৰ ক্ৰয় কৰাৰ চলেৰে ডিঙিৰ পৰা চেইনডাল কাঢ়ি নিবলৈ চেষ্টা কৰে । লগে লগে মহিলা গৰাকীয়ে চিঞৰ বাখৰ কৰাত ওচৰত থকা গেৰেজৰ কৰ্মচাৰী সকলে যুৱক দুজনক খেদি গৈ এজনক কৰায়ত্ত কৰি গণপ্ৰহাৰ দিয়ে । আটক কৰৰ পিছতে ৰঙিয়া আৰক্ষীক অৱগত কৰাত আৰক্ষী উপস্থিত হৈ আহত অৱস্থাত দুৰ্বৃত্ত জনক আটক কৰি চিকিৎসাৰ ব্যৱস্থা কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা