
বিশ্বনাথ, ২৯ আগষ্ট (হি.স.): বিশ্বনাথ জিলা আৰক্ষীয়ে এক গোপন অভিযান চলাই যোৱা কালি শুকুৰবাৰে নিশা এটা গৰু চোৰক আটক কৰাৰ লগতে ৬ মাহ পূৰ্বে চুৰি হোৱা দুটা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । বিগত কিছুদিন ধৰি জিলাখনত ধাৰাবাহিক গৰু চুৰিৰ ঘটনাই কৃষক ৰাইজক সন্ত্ৰস্ত কৰি তুলিছিল।
উল্লেখ্য় যে চৰণীয়া পথাৰ, গোহালি আৰু পদূলিমুখৰ পৰাও গোধন চুৰি হৈ আছিল । নতুনকৈ দায়িত্ব গ্ৰহণ কৰা জ্যেষ্ঠ আৰক্ষী অধীক্ষক আছিফ আহমেদৰ নেতৃত্বত আৰক্ষীয়ে কুঁমলীয়া অঞ্চলত চলোৱা অভিযানত এই সফলতা লাভ কৰে । আৰক্ষীয়ে জনোৱা মতে, উদ্ধাৰ হোৱা গৰু দুটা প্ৰকৃত গৰাকীক ঘূৰাই দিয়াৰ ব্যৱস্থা কৰা হৈছে । ইফালে ৬ মাহৰ পাছত নিজৰ গৰু ঘূৰাই পাই গৰাকীয়ে আৰক্ষীক কৃতজ্ঞতা জ্ঞাপন কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ