ইতিহাসৰ পাতত ৩০ আগষ্টঃ ড° আম্বেদকাৰ সংবিধান খচৰা সমিতিৰ অধ্যক্ষ নিযুক্ত
সংবিধান সভাই ১৯৪৭ চনৰ ২৯ আগষ্টত সাতজনীয়া সংবিধান খচৰা সমিতি গঠন কৰে। পিছদিনা ১৯৪৭ চনৰ ৩০ আগষ্টত সমিতিৰ সদস্যসকলে ড° ভীমৰাও আম্বেদকাৰক অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। এই সমিতিখনে সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ দুবছৰ সময় লাগিছিল। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত
सात सदस्यीय संविधान प्रारूप समिति


সংবিধান সভাই ১৯৪৭ চনৰ ২৯ আগষ্টত সাতজনীয়া সংবিধান খচৰা সমিতি গঠন কৰে। পিছদিনা ১৯৪৭ চনৰ ৩০ আগষ্টত সমিতিৰ সদস্যসকলে ড° ভীমৰাও আম্বেদকাৰক অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। এই সমিতিখনে সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ দুবছৰ সময় লাগিছিল। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধান সভাৰ সন্মুখত দাখিল কৰা হয়। পিছলৈ ১৯৫০ চনৰ ২৬ জানুৱাৰীত ই কাৰ্যকৰী হয় আৰু আমাৰ দেশ গণৰাজ্যত পৰিণত হয়।

গুৰুত্বপূৰ্ণ ঘটনাঃ

১৬৫৯ - মোগল সম্ৰাট শ্বাহজাহানৰ জ্যেষ্ঠ পুত্ৰ দাৰা শিকোহক তেওঁৰ কনিষ্ঠ ভাতৃ ঔৰংজেবৰ নিৰ্দেশত ফাঁচী দিয়া হয়।

১৬৮২ - উইলিয়াম পেনে ইংলেণ্ডৰ পৰা জাহাজেৰে যাত্ৰা কৰে আৰু পিছলৈ আমেৰিকাত পেনচিলভেনিয়া উপনিবেশ স্থাপন কৰে।

১৭৮০ - জেনেৰেল বেনেডিক্ট আৰ্নল্ডে ৱেষ্ট পইণ্ট ফ’ৰ্টত ব্ৰিটিছ বাহিনীৰ ওচৰত আত্মসমৰ্পণৰ প্ৰতিশ্ৰুতি দিয়ে।

১৮০৬ – নিউয়ৰ্ক চহৰৰ দ্বিতীয়খন দৈনিক বাতৰি কাকত ডেইলী এডভাৰটাইজাৰ শেষবাৰৰ বাবে প্ৰকাশ পায়।

১৮৩৫ – অষ্ট্ৰেলিয়াৰ বিখ্যাত চহৰ মেলবৰ্ণ প্ৰতিষ্ঠা হয়।

১৯২৮ – ভাৰতত ইণ্ডিপেণ্ডেন্স অৱ ইণ্ডিয়া লীগ প্ৰতিষ্ঠা হয়।

১৯৪৭ – ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুতৰ বাবে ড° ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত এখন সমিতি গঠন কৰা হয়।

১৯৫১ – ফিলিপাইনছ আৰু আমেৰিকাই প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰ কৰে।

১৯৬৩ – সংকটৰ সময়ত হোৱাইট হাউছ আৰু ক্ৰেমলিনৰ মাজত প্ৰত্যক্ষ যোগাযোগৰ সুবিধাৰ বাবে আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ মাজত হটলাইন স্থাপন কৰা হয়।

১৯৮৪ – প্ৰথমবাৰৰ বাবে মহাকাশযান ডিস্কভাৰী উৰণ।

১৯৯১ – আজাৰবাইজানে ছোভিয়েট ইউনিয়নৰ পৰা স্বাধীনতা ঘোষণা কৰে।

১৯৯৯ – ইষ্ট টিমৰৰ স্বাধীনতাৰ বাবে গণভোট অনুষ্ঠিত হয়।

১৯৯৯ – ইষ্ট টিমৰৰ বাসিন্দাসকলে ইণ্ডোনেছিয়াৰ পৰা স্বাধীনতাৰ বাবে অতিশয় ভোটদান কৰে। ৪ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘই এই ফলাফল ঘোষণা কৰিছিল।

২০০২ - টাইৱানত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়।

২০০২ - কন'কো ইনকৰ্পৰেশ্যন আৰু ফিলিপছ পেট্ৰলিয়াম একত্ৰিত হৈ কন'কোফিলিপছ গঠন কৰে। ই আছিল আমেৰিকাৰ তৃতীয় বৃহত্তম সংহত শক্তি কোম্পানী আৰু দ্বিতীয় বৃহত্তম শোধন কোম্পানী।

২০০৩ - বেৰেণ্টছ সাগৰত ৰাছিয়াৰ চাবমেৰিন ডুব যায় আৰু ৯ জন লোকৰ মৃত্যু হয়; বিশ্ব পালতোলাত অষ্ট্ৰেলিয়াই স্বৰ্ণ পদক লাভ কৰে।

২০০৩ - মুলায়ম সিং যাদৱ তৃতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হয়।

২০০৭ - জাৰ্মানীৰ দুজন বিজ্ঞানীয়ে গুণ্টাৰ নিমিট্জ আৰু আলফন্স ষ্টালহোফেনে এলবাৰ্ট আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্বক অসত্য বুলি দাবী কৰে।

২০০৭ - নেপালৰ কৈৰালা চৰকাৰে চাৰিজন মাওবাদী বিদ্ৰোহীক ফ্ৰান্স, ডেনমাৰ্ক, অষ্ট্ৰেলিয়া, আৰু মালয়েছিয়াত ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়ে।

২০০৭ - বাংলাদেশ চৰকাৰে নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছক সন্মান জনাই ডাক টিকট জাৰি কৰে।

২০১৪ - দক্ষিণ আফ্ৰিকাৰ দেশ লেচোথোৰ প্ৰধানমন্ত্ৰী টম থাবানে সেনাবাহিনীৰ অভ্যুত্থানৰ অভিযোগ উত্থাপন কৰি দক্ষিণ আফ্ৰিকালৈ পলায়ন কৰে।

জন্ম:

১৫৫৯ - জাহাংগীৰ (ছালিম) - আকবৰৰ পুত্ৰ আৰু মোগল বংশৰ শাসক।

১৭৯৭ - মেৰী শ্বেলী - বিখ্যাত গথিক উপন্যাস ফ্ৰেংকেনষ্টাইনৰ লেখিকা।

১৮৯৫ - আজিৰ দিনটোতে চৰ্দাৰ হুকাম সিং - ভাৰতীয় ৰাজনীতিবিদ তথা লোকসভাৰ প্ৰাক্তন অধ্যক্ষ।

১৮৮৮ - আজিৰ দিনটোতে কানৈলাল দত্ত - ভাৰতৰ স্বাধীনতাৰ বাবে ফাঁচীকাঠত মৃত্যু হোৱা অমৰ শ্বহীদসকলৰ ভিতৰত অন্যতম।

১৯০০ - বীৰ ভান ভাটিয়া - ভাৰতীয় চিকিৎসক।

১৯০৩ - ভাগৱতী চৰণ বৰ্মা - হিন্দী সাহিত্যিক বিশিষ্ট ব্যক্তি।

১৯১৮ - বিনায়ক আচাৰ্য - ওড়িশাৰ নৱম মুখ্যমন্ত্ৰী আছিল।

১৯১২ - নেন্সি ৱেক - দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অন্যতম বিখ্যাত মহিলা যুঁজাৰু আছিল।

১৯২৩ - শৈলেন্দ্ৰ - হিন্দী ছবিৰ সুপৰিচিত গীতিকাৰ। ১৯৫৪ - ৰবি শংকৰ প্ৰসাদ - ভাৰতৰ বিশিষ্ট ৰাজনীতিবিদ আৰু জ্যেষ্ঠ অধিবক্তা।

২০০১ চনত জেচমিন লেম্বোৰিয়া - ভাৰতীয় মহিলা বক্সাৰ।

মৃত্যু

১৬৫৯ - দাৰা শিকোহ - ঔৰংজেবৰ নিৰ্দেশত হত্যা।

১৯৫২ - অছবৰ্ণ স্মিথ - ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম গৱৰ্ণৰ। ১

৯৭৬ - জি.পি. শ্ৰীবাস্তৱ - হিন্দী সাহিত্যিক।

২০০৮ - কৃষ্ণ কুমাৰ বিৰলা - প্ৰখ্যাত উদ্যোগপতি।

২০১৪ - বিপিন চন্দ্ৰ - প্ৰখ্যাত ইতিহাসবিদ।

গুৰুত্বপূৰ্ণ অনুষ্ঠানঃ

ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগ দিৱস

আন্তৰ্জাতিক নিৰুদ্দেশ ব্যক্তি দিৱস

-----

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande