চামগুৰিত চোৰৰ লুতপাত বৃদ্ধি
নগাঁও, ২৯ আগষ্ট (হি.স.)। চামগুৰিত এটাৰ পিছত আনটো চুৰি কাণ্ড, আৰক্ষীৰ ভূমিকাক লৈ তীব্ৰ ক্ষোভ। আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ চামগুৰিত চোৰৰ দপদপনি। এটাৰ পিছত আনটো চুৰি কাণ্ড সংঘটিত হৈ অহাত এতিয়া আতংকিত হৈ পৰিছে সাধাৰণ ৰাইজ। নিশা চামগুৰিৰ বৰালী গাঁৱত
চামগুৰিত চোৰৰ লুতপাত বৃদ্ধি


নগাঁও, ২৯ আগষ্ট (হি.স.)। চামগুৰিত এটাৰ পিছত আনটো চুৰি কাণ্ড, আৰক্ষীৰ ভূমিকাক লৈ তীব্ৰ ক্ষোভ। আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ চামগুৰিত চোৰৰ দপদপনি। এটাৰ পিছত আনটো চুৰি কাণ্ড সংঘটিত হৈ অহাত এতিয়া আতংকিত হৈ পৰিছে সাধাৰণ ৰাইজ। নিশা চামগুৰিৰ বৰালী গাঁৱত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা সুৰবালা দাস নামৰ মহিলা গৰাকীৰ দোকানত চোৰে চলালে লুটপাত।

দোকান খনৰ পৰা প্ৰায় ৪০ হাজাৰ টকাৰ বিভিন্ন সামগ্ৰী লৈ উধাও হয় চোৰৰ দল। চামগুৰিত ধাৰাবাহিকভাৱে চুৰি কাণ্ড সংঘটিত হৈ অহাৰ পিছতো এজনো চোৰক আটক কৰিবলৈ সক্ষম হোৱা নাই চামগুৰি আৰক্ষী। ফলত আৰক্ষীৰ তৎপৰতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে। চোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণত আৰক্ষীৰ ব্যৰ্থতাই যেন চোৰক অধিক সাহস যোগাইছে।

দিনে-নিশাই চুৰি কাণ্ড সংঘটিত হৈ থকাৰ ফলত এতিয়া খন্তেক সময়ৰ বাবেও ঘৰ-দুৱাৰ এৰি ওলাই যাবলৈ শংকিত হৈ পৰিছে ৰাইজ। নিজৰ ঘৰ-দোকান সুৰক্ষিত নহয়, সেই চিন্তাই খেদি ফুৰিছে সাধাৰণ লোকক।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande