বঙাইগাঁও বৰপাৰা ৰাজহুৱা খেলপথাৰত কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থাৰ অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী ৰূপায়ন
বঙাইগাঁও, ২৯ আগষ্ট (হি.স.)। কোচ-ৰাজবংশী জনগোষ্ঠীয় লোক সকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ দাবীত বঙাইগাঁও বৰপাৰা ৰাজহুৱা খেলপথাৰত কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থাৰ অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী ৰূপায়ন।
বঙাইগাঁও বৰপাৰা ৰাজহুৱা খেলপথাৰত কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থাৰ অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী ৰূপায়ন


বঙাইগাঁও, ২৯ আগষ্ট (হি.স.)।

কোচ-ৰাজবংশী জনগোষ্ঠীয় লোক সকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ দাবীত বঙাইগাঁও বৰপাৰা ৰাজহুৱা খেলপথাৰত কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থাৰ অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী ৰূপায়ন। উল্লেখ্য যে কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থাই জনজাতিকৰণৰ দাবীত যোৱা ২৫ আগষ্টৰ পৰা ৭২ ঘন্টীয়া অনশন কাৰ্যসূচী চলাই আছিল কিন্তু প্ৰশাসনৰ পৰা গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি গুৰুত্বাৰোপ নকৰাৰ বাবে কালিৰ পৰা আকৌ অনিৰ্দিষ্টকালীন অনশন কাৰ্য্যসূচী আৰম্ভ কৰে।

কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থাই কালিৰ পৰা নতুনকৈ আৰম্ভ কৰা অনিৰ্দিষ্টকালীন অনশন কাৰ্য্যসূচীত ৰাইজৰ দলেও সমৰ্থন আগবঢ়াই অনশনত অংশগ্ৰহণ কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande