বেলুচিস্তানৰ কয়লা খনিত বিষাক্ত গেছৰ ফলত তিনি খনিকৰৰ মৃত্যু
ডুক্কি, ২৯ আগষ্ট (হি.স.)। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ ডুক্কি জিলাৰ কয়লা খনিৰ ভিতৰত বিষাক্ত গেছ শ্বাস-প্ৰশ্বাসৰ ফলত তিনিজন খনিকৰৰ মৃত্যু হৈছে। স্থানীয় খবৰ অনুসৰি খনিটোৰ ভিতৰত গেছ লিক আৰু জমা হোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। বেলুচিস্তানৰ অনল
सांकेतिक


ডুক্কি, ২৯ আগষ্ট (হি.স.)। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ ডুক্কি জিলাৰ কয়লা খনিৰ ভিতৰত বিষাক্ত গেছ শ্বাস-প্ৰশ্বাসৰ ফলত তিনিজন খনিকৰৰ মৃত্যু হৈছে। স্থানীয় খবৰ অনুসৰি খনিটোৰ ভিতৰত গেছ লিক আৰু জমা হোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়।

বেলুচিস্তানৰ অনলাইন নিউজ নেটৱৰ্ক দ্য বেলুচিস্তান পোষ্টৰ তথ্য অনুসৰি মৃত লোকজন হৈছে বাৰাকজাই জনগোষ্ঠীৰ পাই মহম্মদৰ পুত্ৰ খান, আচাকজাই জনগোষ্ঠীৰ ফাতেহ মহম্মদৰ পুত্ৰ ছিৰাজুদ্দিন আৰু আলিজাই জনগোষ্ঠীৰ আব্দুল্লা, দুয়োজনেই আফগান।

এই দুৰ্ঘটনাৰ পিছতে ডুক্কিৰ পাকিস্তান ইউনাইটেড ৱৰ্কাৰছ ফেডাৰেচনৰ সভাপতি শ্বেৰ মহম্মদ কাকাৰে খনন খণ্ডৰ সুৰক্ষা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁ অভিযোগ কৰে যে সুৰক্ষা ব্যৱস্থাৰ অভাৱ আৰু দুৰ্বল তত্বাৱধানৰ বাবে কয়লা খনিত সঘনাই দুৰ্ঘটনা সংঘটিত হৈছে।

শ্বেৰ মহম্মদ কাকাৰে কৰ্তৃপক্ষই খনিসমূহত সুৰক্ষাৰ মানদণ্ড কঠোৰভাৱে বলবৎ কৰাৰ লগতে শ্ৰমিকসকলক পৰ্যাপ্ত সুৰক্ষা সঁজুলি প্ৰদান কৰিবলৈ দাবী জনায়। লগতে দুৰ্ঘটনাটোৰ পৰিস্থিতিৰ তদন্তৰ বাবে আবেদন জনায়।

বেলুচিস্তানৰ কয়লা খনন এলেকাত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে। বিষাক্ত গেছ জমা হোৱা আৰু অন্যান্য সুৰক্ষাজনিত বিপদৰ বাবে কেইবাজনো খনিকৰে প্ৰাণ হেৰুৱাইছে।

শেহতীয়া দুৰ্ঘটনাটোৱে শ্ৰমিকৰ সুৰক্ষা আৰু খনন খণ্ডত সুৰক্ষাৰ মানদণ্ড ফলপ্ৰসূভাৱে বলবৎ কৰাৰ ক্ষেত্ৰত পুনৰ উদ্বেগ প্ৰকাশ কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande