মিডিয়া ট্ৰাষ্ট অৱ আছামৰ সৈতে বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰীৰ বৈঠক
কোকৰাঝাৰ, ২৯ আগষ্ট (হি.স.)। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ (বিটিচি) উপ-মুখ্য কাৰ্যবাহী সদস্য তথা তথ্য আৰু জনসংযোগ বিভাগৰ দায়িত্বপ্ৰাপ্ত ৰিহন দৈমাৰীয়ে আজি খানাপাৰাস্থিত বড়োলেণ্ড অতিথিশালাত মিডিয়া ট্ৰাষ্ট অৱ আছামৰ ট্ৰাষ্টীসকলৰ সৈতে এক গুৰুত্বপূৰ
মিডিয়া ট্ৰাষ্ট অৱ আছামৰ সৈতে বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰীৰ বৈঠক


মিডিয়া ট্ৰাষ্ট অৱ আছামৰ সৈতে বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰীৰ বৈঠক


কোকৰাঝাৰ, ২৯ আগষ্ট (হি.স.)। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ (বিটিচি) উপ-মুখ্য কাৰ্যবাহী সদস্য তথা তথ্য আৰু জনসংযোগ বিভাগৰ দায়িত্বপ্ৰাপ্ত ৰিহন দৈমাৰীয়ে আজি খানাপাৰাস্থিত বড়োলেণ্ড অতিথিশালাত মিডিয়া ট্ৰাষ্ট অৱ আছামৰ ট্ৰাষ্টীসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত গুৱাহাটীৰ ৰূপনগৰত অৱস্থিত বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম স্মৃতি সাংবাদিক অতিথিশালাৰ বৰ্তমান স্থিতি, পৰিচালনা আৰু ভৱিষ্যৎ কাৰ্যপন্থা সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়।

বৈঠকত মিডিয়া ট্ৰাষ্ট অৱ আছামৰ ট্ৰাষ্টীসকলে সাংবাদিক অতিথিশালাখনৰ বৰ্তমান অৱস্থা আৰু পৰিচালনাৰ বিষয়ে উপ-মুখ্য কাৰ্যবাহী সদস্যগৰাকীক অৱগত কৰে। উল্লেখ্য যে, তদানীন্তন বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ (বিএচি) আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি) চৰকাৰৰ আৰ্থিক সহযোগিতাত ৰূপনগৰত নিৰ্মাণ কৰা এই অতিথিশালাখন বৰ্তমান মিডিয়া ট্ৰাষ্ট অৱ আছামে পৰিচালনা কৰি আহিছে।

বৈঠকত অতিথিশালাখনৰ সঠিক পৰিচালনা, নিয়মীয়া ৰক্ষণাবেক্ষণ, আৰ্থিক স্থায়িত্ব আৰু দীৰ্ঘম্যাদী কাৰ্যক্ষমতা নিশ্চিত কৰাৰ বিভিন্ন দিশ আলোচনা কৰা হয়। দৈনন্দিন পৰিচালনাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা, মেৰামতিৰ প্ৰয়োজনীয়তা, আৰ্থিক উৎস আৰু অতিথিশালাখন ইয়াৰ মূল উদ্দেশ্য অনুসৰি সাংবাদিকসকলৰ সেৱাত অব্যাহত ৰখাৰ বিষয়তো মত-বিনিময় কৰা হয়।

ৰিহন দৈমাৰীয়ে সাংবাদিক আৰু সংবাদ মাধ্যমৰ পেছাদাৰীসকলৰ বাবে অতিথিশালাখনৰ গুৰুত্বৰ কথা উল্লেখ কৰি কয় যে, গুৱাহাটীলৈ পেছাগত বা চৰকাৰী কামত অহা সাংবাদিকসকল, বিশেষকৈ বিটিচি অঞ্চলৰ সৈতে জড়িত সংবাদকৰ্মীসকলৰ বাবে এই অতিথিশালাখন এক উপযোগী আৰু মৰ্যাদাপূৰ্ণ সুবিধা হিচাপে গঢ়ি তোলা প্ৰয়োজন।

তেওঁ অতিথিশালাখনৰ নিয়মীয়া ৰক্ষণাবেক্ষণ আৰু পৰিচালনাৰ বাবে এক স্বচ্ছ আৰু দীৰ্ঘম্যাদী ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে নিয়মীয়া পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ ব্যয় পূৰণৰ বাবে নিৰ্ভৰযোগ্য আৰ্থিক উৎস আৰু উপযুক্ত প্ৰতিষ্ঠানিক ব্যৱস্থা বিচাৰি উলিওৱাৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে।

বৈঠকত প্ৰয়োজন অনুসৰি অতিথিশালাখনত মেৰামতি, পুনৰ নিৰ্মাণ আৰু আন্তঃগাঁথনিৰ উন্নয়ন কৰাৰ সম্ভাৱনাৰ বিষয়েও আলোচনা কৰা হয়। সাংবাদিকসকলৰ বাবে সুৰক্ষিত, আৰামদায়ক আৰু কাৰ্যক্ষম পৰিৱেশ নিশ্চিত কৰাৰ লগতে সংশ্লিষ্ট সকলো পক্ষৰ মাজত ফলপ্ৰসূ সমন্বয় গঢ়ি তোলাৰ ওপৰতো গুৰুত্ব দিয়া হয়।

মিডিয়া ট্ৰাষ্ট অৱ আছামৰ ট্ৰাষ্টীসকলে অতিথিশালাখনৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ সৈতে জড়িত বিভিন্ন সমস্যা উপ-মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ আগত দাঙি ধৰে। লগতে বৰ্তমানৰ সমস্যাসমূহ সমাধান আৰু অতিথিশালাখনৰ ফলপ্ৰসূ তথা দীৰ্ঘম্যাদী পৰিচালনা নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহযোগিতা আৰু সহায় আগবঢ়াবলৈ আহ্বান জনায়।

ৰিহন দৈমাৰীয়ে বৈঠকত উত্থাপিত বিষয়সমূহ উপযুক্তভাৱে পৰীক্ষা কৰি সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু অংশীদাৰসকলৰ সৈতে আলোচনা কৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ সম্ভাৱনা বিচাৰ কৰা হ’ব বুলি ট্ৰাষ্টীসকলক আশ্বাস প্ৰদান কৰে।

বৈঠকত বিটিচিৰ তথ্য আৰু জনসংযোগ বিভাগৰ অএছডি প্ৰদীপ ব্ৰহ্ম আৰু আৰ অ কাম চি এইছ ডি গগন চন্দ্ৰ নাৰ্জাৰী উপস্থিত থাকে। মিডিয়া ট্ৰাষ্ট অৱ আছামৰ হৈ সভাপতি প্ৰশান্ত জ্যোতি বৰুৱা, সম্পাদক ৰমণী বৰ্মন আৰু ট্ৰাষ্টী বেদব্ৰত দেৱ মিশ্ৰ, নিৰ্মল ৰায়, কুঞ্জ মোহন ৰায় আৰু গাৰ্খৱদাও বসুমতাৰী উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande