
বৰপেটা, ২৯ আগষ্ট (হি.স.)। শিমলাগুৰী আৰক্ষী পহৰাচকীত কৰ্তব্যৰত অৱস্থাত অসম আৰক্ষীৰ কনিষ্টবলৰ আকস্মিক মৃত্যু।
বৰপেটাৰোডৰ সমীপৱৰ্তী শিমলাগুৰী আৰক্ষী পহৰাচকীত এটি শোকাবহ ঘটনা সংঘটিত হৈছে। কৰ্তব্যৰৰত অৱস্থাত অসম আৰক্ষীৰ কনিষ্টবল শৈলেন বড়োৱে প্ৰাণ হেৰুৱায়।
ইয়াকেলৈ বৰপেটাৰোডত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। বজালী জিলাৰ পাঠশালা নিবাসী শৈলেন বড়োৰ আকস্মিক বিয়োগে তেওঁৰ কৰ্মক্ষেত্ৰৰ লগতে সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু এটি পুত্ৰ সন্তানক এৰি থৈ যায়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু