
গুৱাহাটী, ২৯ আগষ্ট (হি.স.)। অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে (এছটিএফ) চোৰাংচোৱাৰ ভিত্তিত অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী বুলি সন্দেহ কৰা তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । তেওঁলোকৰ জিম্মাৰ পৰা ৩৭৯ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰা হৈছে, যাৰ মূল্য ৩ কোটি টকাৰ ওপৰত বুলি অনুমান কৰা হৈছে। অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে গুৱাহাটীৰ বেহাৰবাৰী অঞ্চলত অভিযান চলাই এই ড্ৰাগছ জব্দ কৰে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে নিশা এই তথ্য ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। তেওঁ উল্লেখ কৰে যে চোৰাংচোৱাৰ ভিত্তিত কাম কৰি এছ টি এফ অসমে আজি এক অভিযান চলাই তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰে, যিসকলক অধিক আইনী ব্যৱস্থাৰ বাবে আটক কৰি ৰখা হৈছে।
মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে ৰাজ্যত মাদক দ্ৰব্য বিৰোধী অভিযান অসম এগেইনষ্ট ড্ৰাগছ অব্যাহত থাকিব ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া