

গুৱাহাটী, ২৯ আগষ্ট (হি.স.)। সোণাপুৰত উপস্থিত হৈ বিভিন্ন ৰাজনৈতিক বিষয়ক লৈ সৰৱ হ'ল বিধায়ক অখিল গগৈ।
নিৰ্বাচনৰ কুচকাৱাজ, ষ্টেডিয়াম নিৰ্মাণ, বিজেপি-কংগ্ৰেছৰ ৰাজনীতি আৰু প্ৰধানমন্ত্ৰীৰ ভূমিকাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে বিধায়কগৰাকীয়ে।
নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ লোকসভা নিৰ্বাচনৰ কুচকাৱাজ সন্দৰ্ভত অখিল গগৈয়ে কয়—চৰকাৰী
পদত থাকি নিৰ্বাচনী প্ৰচাৰ চলোৱাটো আইন বিৰোধী। কাৰোবাৰ নিৰ্বাচন খেলাৰ ইচ্ছা থাকিলে প্ৰথমে চৰকাৰী পদ ত্যাগ কৰিব লাগে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে।
আনহাতে, ৰাজ্যৰ ক্ৰীড়া আন্তঃগাঁথনি সন্দৰ্ভতো মুখ্যমন্ত্ৰীক সমালোচনা কৰে অখিল গগৈয়ে।
থকা ষ্টেডিয়াম ভাঙি পুনৰ নিৰ্মাণৰ নামত কমিচন খোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁ প্ৰশ্ন কৰে—তৰুণ গগৈৰ দিনত নিৰ্মাণ কৰা ষ্টেডিয়ামৰ বাহিৰে বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে খেলৰ ক্ষেত্ৰত কি কি কৰিছে?
কেৱল অভাৰব্ৰীজ নিৰ্মাণ কৰি ফিটাহি মাৰিলেই নহ'ব বুলিও কটাক্ষ কৰে বিধায়কগৰাকীয়ে।
ব্যৱসায়ী সুভাষ চন্দ্ৰাৰ ২২ হাজাৰ কোটি টকাৰ ঋণ চৰকাৰে মাফ কৰি দিয়াৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীকো সমালোচনা কৰে অখিল গগৈয়ে।
অসমৰ মহাপ্ৰলয়ৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভূমিকা সন্দৰ্ভত তেওঁ কয়—অসমৰ বানপানীৰ সময়ত এবাৰো গামোচা লৈ মাত মাতিবলৈ অহা দেখা নগ'ল। নেপালৰ বাবে মাত মাতিছে, তাত আপত্তি নাই; কিন্তু অসমৰ ক্ষেত্ৰত 'কেনে আছে আপোনালোক' বুলি সুধিবলৈ কিয় আহৰি নহ'ল বুলিও প্ৰশ্ন কৰে বিধায়কগৰাকীয়ে।
ইফালে, অখিল গগৈক কংগ্ৰেছে ঠিকা দি ৰখা নাই বুলি ৰকিবুল হুছেইনে কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়কগৰাকীয়ে।
নগাঁও লোকসভা নিৰ্বাচনক লৈ তেওঁলোকে বৰ্তমান কোনো সিদ্ধান্ত লোৱা নাই বুলি স্পষ্ট কৰি অখিল গগৈয়ে কয়—কংগ্ৰেছক জিকাই পঠিয়াই পিছত বিজেপিত যোগদান কৰা নেতাৰ উদাহৰণ আছে। প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰতো একেই ঘটনা হোৱা বুলি মন্তব্য কৰে তেওঁ।
কংগ্ৰেছত থাকি বিজেপিত যোগ দিয়া অথবা বিজেপিক সমৰ্থন কৰা দলৰ কোনো আদৰ্শ নাই বুলি সমালোচনা কৰি অখিল গগৈয়ে কয়—বৰ্তমান অসমৰ হৈ সংসদত শক্তিশালীভাৱে মাত মাতিব পৰা কোনো কংগ্ৰেছ প্ৰাৰ্থী তেওঁৰ চকুত পৰা নাই।
হিন্দুস্থান সমাচাৰ / Narayan Kar