আফগানিস্তানত ১৫০০ কিলোমিটাৰ ৰে’লপথ স্থাপনৰ প্ৰস্তুতি
কাবুল, ২৯ আগষ্ট (হি.স.)। আফগানিস্তানক ৰে’ল সংযোগ, ট্ৰেনজিট আৰু আঞ্চলিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ১৫০০ কিলোমিটাৰতকৈ অধিক ৰে’লপথ স্থাপনৰ প্ৰস্তুতি আৰম্ভ হৈছে। এই লাইনসমূহে তুৰ্কমেনিস্তানৰ পৰা পাকিস্তানৰ বেলুচিস্তানলৈ আৰু দেশৰ দক্ষিণ অংশৰ কাণ
আফগানিস্তানত ১৫০০ কিলোমিটাৰ ৰে’লপথ স্থাপনৰ প্ৰস্তুতি


কাবুল, ২৯ আগষ্ট (হি.স.)। আফগানিস্তানক ৰে’ল সংযোগ, ট্ৰেনজিট আৰু আঞ্চলিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ১৫০০ কিলোমিটাৰতকৈ অধিক ৰে’লপথ স্থাপনৰ প্ৰস্তুতি আৰম্ভ হৈছে। এই লাইনসমূহে তুৰ্কমেনিস্তানৰ পৰা পাকিস্তানৰ বেলুচিস্তানলৈ আৰু দেশৰ দক্ষিণ অংশৰ কাণ্ডাহাৰৰ পৰা ৰাজধানী কাবুললৈ সংযোগ শক্তিশালী কৰিব।

আফগান সংবাদ সংস্থা ট’লো নিউজৰ এক প্ৰতিবেদন অনুসৰি আফগান চৰকাৰৰ ৰাজহুৱা কাম মন্ত্ৰালয়ে আফগানিস্তানৰ ৫টা ডাঙৰ পথত ১৫৩৭ কিলোমিটাৰ ৰে’লপথৰ জৰীপ আৰু ডিজাইনৰ কাম চলাই আছে, যিটো দেশৰ ৰে’ল নেটৱৰ্ক সম্প্ৰসাৰণৰ প্ৰচেষ্টাৰ অংশ হিচাপে। এই প্ৰকল্পসমূহৰ লক্ষ্য হৈছে আফগানিস্তানৰ ৰেল সংযোগ, ট্ৰেনজিট, আৰু আঞ্চলিক কেন্দ্ৰ হিচাপে ভূমিকা শক্তিশালী কৰা। অৱশ্যে সংবাদ মাধ্যমৰ প্ৰতিবেদনত উল্লেখ কৰা হোৱা নাই যে কোনখন দেশে আফগানিস্তানৰ ৰে’লপথৰ জৰীপ আৰু ডিজাইনৰ কামত সহায় কৰিছে।

ৰাজহুৱা কাম-কাজ মন্ত্ৰালয়ৰ মুখপাত্ৰ মহম্মদ আশ্ৰফ হাকশ্বেনাছৰ মতে, এই প্ৰকল্পসমূহৰ বাবে ঘৰুৱা বিত্তীয় সাহায্যৰ উপৰিও বাণিজ্যিক বেংক, কেইবাখনো দেশ, আৰু আগ্ৰহী বিনিয়োগকাৰীৰ সৈতে ৰে’লপথ নিৰ্মাণৰ বাবে ধন সংগ্ৰহৰ বাবে আলোচনা চলি আছে।

মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে কয় যে, “বৰ্তমান মন্ত্ৰালয়ে টৰ্ঘুণ্ডি–হেৰাট, হেৰাট–কান্দাহাৰ, কান্দাহাৰ–স্পিন বোল্ডক, কাবুল–কাণ্ডাহাৰ, আৰু আন্দখয়–শ্বেবাৰ্গান পথত ১৫৩৭ কিলোমিটাৰ ৰে’লপথৰ জৰীপ আৰু ডিজাইনৰ কাম চলাই আছে।”

ৰেলৱে নেটৱৰ্কৰ সম্প্ৰসাৰণে লজিষ্টিক খৰচ হ্ৰাস কৰিব পাৰে, বাণিজ্য আৰু ট্ৰেনজিট বৃদ্ধি কৰিব পাৰে, আৰু আফগানিস্তানক আঞ্চলিক বজাৰৰ সৈতে অধিক সংযোগ কৰিব পাৰে।

কিন্তু এই লক্ষ্যসমূহ লাভ কৰাটো বিত্তীয় সাহায্য সংগ্ৰহ, প্ৰকল্প সম্পূৰ্ণ কৰা, আৰু আঞ্চলিক সহযোগিতা বজাই ৰখাৰ ওপৰত নিৰ্ভৰ কৰিব।

অৰ্থনৈতিক বিশ্লেষক হাছিবুল্লাহ মহিবজাদাই কয় যে, ট্ৰেনজিট পথ বিশেষকৈ ৰেলপথৰ উন্নয়নে অৰ্থনৈতিক বজাৰ সম্প্ৰসাৰণত সহায় কৰিব পাৰে। যদি আফগানিস্তান আৰু চুবুৰীয়া দেশসমূহৰ মাজত এই পথসমূহ প্ৰতিষ্ঠা আৰু শক্তিশালী কৰা হয়, তেন্তে ই অৰ্থনৈতিক বৃদ্ধি, ৰপ্তানি বৃদ্ধি, আৰু আঞ্চলিক বজাৰসমূহৰ প্ৰৱেশ উন্নত কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰে।

আন এজন অৰ্থনৈতিক বিশ্লেষক জনৎ ফাহিম চাকাৰীয়ে কয় যে, ৰেলৰ জৰিয়তে মালবাহী আৰু বাণিজ্যিক সংযোগ সম্প্ৰসাৰণ কৰাটো ব্যয়বহুল। যদি আমি দেশৰ ভিতৰত মাল পৰিবহণৰ বাবে ৰে'লৱে নেটৱৰ্ক গঢ়ি তুলিব পাৰো, তেন্তে ই পৰিবহণৰ খৰচ আৰু সামগ্ৰীৰ মূল্য হ্ৰাস কৰাত সহায় কৰিব পাৰে।

আফগানিস্তানত বৰ্তমান ৪০০ কিলোমিটাৰ কাৰ্যক্ষম ৰে’লপথ আছে আৰু ই উজবেকিস্তান, তুৰ্কমেনিস্তান, আৰু ইৰাণৰ সৈতে হেৰাটান, আকিনা, টৰ্গহুণ্ডি, আৰু খাফ-হেৰাট পথৰ জৰিয়তে সংযুক্ত হৈ আছে, যিবোৰ আঞ্চলিক দেশলৈ আৰু তাৰ পৰা সামগ্ৰী পৰিবহণ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande