
শোণিতপুৰ, ২৮ আগষ্ট (হি.স.)। শোণিতপুৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ে অহা ১ ছেপ্টেম্বৰ, ২০২৬ৰ পৰা হজৰাপাৰস্থিত তেজপুৰ ষ্টেডিয়ামত নিয়মীয়া ক্ৰীড়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।
ফুটবল, এথলেটিকছ, বাস্কেটবল আৰু ভলীবল সন্দৰ্ভত এই প্ৰশিক্ষণ কাৰ্যসূচী আগবঢ়োৱা হ’ব আৰু অভিজ্ঞ প্ৰশিক্ষকৰ অধীনত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব।
গাঁথনিগত আৰু নিয়মীয়া প্ৰশিক্ষণৰ জৰিয়তে যুৱক-যুৱতীসকলৰ মাজত ক্ৰীড়াৰ বিকাশ, শাৰীৰিক সক্ষমতা, অনুশাসন, দলবদ্ধ ভাৱে কাম কৰাৰ মনোভাৱ আৰু ক্ৰীড়াৰ দক্ষতা বৃদ্ধিৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে নিয়মীয়া প্ৰশিক্ষণ গ্ৰহণ, ক্ৰীড়া দক্ষতা বিকাশ আৰু বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণৰ জৰিয়তে অভিজ্ঞতা আৰু প্ৰতিযোগিতামূলক পৰিবেশ লাভ কৰাৰ সুযোগ পাব।
ক্ৰীড়া প্ৰশিক্ষণ কাৰ্যসূচীৰ লগতে আগ্ৰহী ব্যক্তিসকলৰ বাবে ষ্টেডিয়ামত জগিঙৰ সুবিধাও উপলব্ধ থাকিব।
ইচ্ছুক ব্যক্তিসকলে পঞ্জীয়ন তথা অধিক তথ্যৰ বাবে ৭০০২৩২৮৩৮৬ মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে।
অসমৰ ক্ৰীড়া ব’ৰ্ডৰ উদ্যোগত শোণিতপুৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়, তেজপুৰৰ সহযোগত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ