লিডুত ২৯ আৰু ৩০ আগষ্টত দুদিনীয়া বর্ণাঢ্য কাৰ্য্যসূচীৰে ৩৫টা জনগোষ্ঠীয় সাহিত্য সংগঠনৰ অসম জনগোষ্ঠীয় সমন্বয় সন্মিলনৰ আয়োজন
শোণিতপুৰ, ২৮ আগষ্ট (হি.স.) । অসম সাহিত্য সভাৰ উদ্যোগত স্বজাতীয় মৈত্রীবন্ধন উপসমিতি আৰু তিনিচুকীয়া জিলা সাহিত্য সভাৰ সহযোগত লিডু শাখা সাহিত্য সভাৰ ব্যৱস্থাপনাত অহা ২৯ আৰু ৩০ আগষ্টত দুদিনীয়া বর্ণাঢ্য কাৰ্য্যসূচীৰে লিডু ৰে''লৱে ৰংগমঞ্চত অসম জনগোষ্ঠীয়
লিডুত ২৯ আৰু ৩০ আগষ্টত দুদিনীয়া বর্ণাঢ্য কাৰ্য্যসূচীৰে ৩৫টা জনগোষ্ঠীয় সাহিত্য সংগঠনৰ অসম জনগোষ্ঠীয় সমন্বয় সন্মিলনৰ আয়োজন


শোণিতপুৰ, ২৮ আগষ্ট (হি.স.) । অসম সাহিত্য সভাৰ উদ্যোগত স্বজাতীয় মৈত্রীবন্ধন উপসমিতি আৰু তিনিচুকীয়া জিলা সাহিত্য সভাৰ সহযোগত লিডু শাখা সাহিত্য সভাৰ ব্যৱস্থাপনাত অহা ২৯ আৰু ৩০ আগষ্টত দুদিনীয়া বর্ণাঢ্য কাৰ্য্যসূচীৰে লিডু ৰে'লৱে ৰংগমঞ্চত অসম জনগোষ্ঠীয় সমন্বয় সম্মিলনৰ আয়োজন কৰা হৈছে । এক সংবাদ বিজ্ঞপ্তিত সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই জানিবলৈ দিয়া মতে ঐক্য, শান্তি আৰু সমন্বয়ৰ সংকল্পৰে অসমত যুগ যুগ ধৰি শান্তি-সম্প্রীতিৰে বসবাস কৰি অহা, বুকু ফিন্দাই অসমীয়াৰ পৰিচয় দিয়া জনগোষ্ঠীয় সাহিত্য সংগঠনসমূহৰ মূল বিষয়ববীয়াসকলৰ লগত ভাব বিনিময় আৰু সমন্বয়ৰ শৈলসেতু নিৰ্মাণৰ প্ৰচেষ্টাৰ অন্যতম এই কার্য্যসূচী।

সকলো জনগোষ্ঠীৰ নেতৃস্থানীয় ব্যক্তিসকলক সাহিত্য সভাৰ পৱিত্ৰ পতাকাৰ তলত সমবেত কৰোৱাৰ উদ্দেশ্যেৰে অহা ২৯ আগষ্টত পুৱা ৮ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব লিডু স্বর্ণ শাখা সাহিত্য সভাৰ সভাপতি ড° ৰঞ্জিত দত্তই, পুৱা ৮.৩০ বজাত স্মৃতি তর্পণ কৰিব তিনিচুকীয়া জিলা সাহিত্য সভাৰ সম্পাদক অৰূপ চাংমাই, আৰু লিডু স্বর্ণ শাখা সাহিত্য সভাৰ সম্পাদক দীপক চেতিয়াই, পুৱা ৯ বজাত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ স্মৃতিত জন্মশতবৰ্ষৰ শ্রদ্ধার্ঘ্য অনুষ্ঠান আৰু শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব বিশিষ্ট সাংবাদিক, সাহিত্যিক জগত চাংমাই, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ অমৰ গীত 'মানুহে মানুহৰ বাবে' ১০০ গৰাকী শিল্পীয়ে সমবেত কণ্ঠত পৰিৱেশন কৰিব।

ইয়াৰ পিছতে জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি অনুষ্ঠান উদ্বোধন কৰিব মাৰ্ঘেৰিটাৰ ৰাজহ চক্ৰ বিষয়া জ্ঞানজ্যোতি দত্তই, দিনৰ ১১ বজাত জনগোষ্ঠীয় বিদ্যায়তনিক আলোচনা-চক্রত সভাপতিত্বত কৰিব অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে, আদৰণী ভাষণ দিব আদৰণী সমিতিৰ সভাপতি ড° ৰঞ্জিত দত্তই, জনগোষ্ঠীয় বিদ্যায়তনিক আলোচনা-চক্রত আলোচক হিচাপে উপস্থিত থাকিব, গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক ড° স্মৃতি কুমাৰ সিংহ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোণোৱাল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বড়ো বিভাগৰ সহকাৰী অধ্যাপক ড° ফাগুনা বৰমহলীয়া, ডুমডুমা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° কর্মী খালেন, দেউৰী সাহিত্য সভাৰ প্রাক্তন সভাপতি ড° ষড়ানন দেউৰী, বিশিষ্ট সাহিত্যিক ড° অমিয়া পাতৰ, বিশিষ্ট সাহিত্যিক ড° টি কে চাংমা, মৰাণ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° তুলসী সোণোৱাল, কাৰবি লাম্মেত আমেই প্রাক্তন সভাপতি কামসিং হান্সে, বিশিষ্ট কবি, উপন্যাসিক অনিল পাংগিং, নিখিল ৰাভা সাহিত্য সভা, অসমৰ প্ৰাক্তন সম্পাদক বিশ্বনাথ ৰাভা তাৰা, মৰাণ সমাজ-সংস্কৃতিৰ বিশেষজ্ঞ যজ্ঞেশ্বৰ চেতিয়া, বিশিষ্ট সাহিত্যিক পেইম থি গোহাঁই, সন্ধিয়া সাহিত্য, কবিতা, গীতৰ আড্ডা উদ্বোধন কৰিব অসম সাহিত্য সভাৰ জিলা কেন্দ্রীয় প্রতিনিধি মোহন মৰাণে আৰু অনুষ্ঠানটিৰ আঁত ধৰিব অসম সাহিত্য সভাৰ প্ৰচাৰ উপসমিতিৰ উপসভাপতি পুলক কুমাৰ গগৈয়ে, দ্বিতীয় দিনা অর্থাৎ ৩০ আগষ্টত পুৱা ১০ বজাত বিশেষ আকর্ষণ ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ সহধর্মিনী গৰিমা শইকীয়া গাৰ্গৰ সৈতে মত বিনিময় অনুষ্ঠান আৰু ৫০০ শিশুৱে সমবেতভাবে 'মায়াবিনী' পৰিবেশনৰে জুবিন গাৰ্গলৈ বিশেষ শ্রদ্ধাঞ্জলি অনুষ্ঠান।

পুৱা ১১ বজাত অসম সাহিত্য সভাৰ সভাপতি তথা জনগোষ্ঠীয় সাহিত্য সভা আৰু জাতীয় সংগঠনসমূহৰ সভাপতিসকলক লৈ এক বিশাল সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিব ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মটক সাহিত্য সম্মিলনৰ সভাপতি তৰুণ কুমাৰ গগৈয়ে, দুপৰীয়া ১২ বজাত অসম জনগোষ্ঠীয় সমন্বয় সন্মিলনত সভাপতিত্বত কৰিব অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীয়ে, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা, স্মৃতিগ্রন্থ উন্মোচন কৰিব তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি লম্বেশ্বৰ চেতিয়াই, আদৰণী ভাষণ প্রদান কৰিব আদৰণী সমিতিৰ মুখ্য সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে, অসম জনগোষ্ঠীয় সমন্বয় সম্মিলনত আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকিব বড়ো সাহিত্য সভাৰ সভাপতি গোপীনাথ বৰগয়াৰী, নিখিল ৰাভা সাহিত্য সভাৰ সভাপতি অমৰ সিং কোচ, দেউৰী সাহিত্য সভাৰ সভাপতি বগাৰাম দেউৰী, কাৰবি সাহিত্য সভাৰ সভাপতি খৰসিং ইংতি, মিচিং সাহিত্য সভাৰ সভাপতি হৰিনাৰায়ণ পেণ্ড, গাৰো সাহিত্য সভাৰ সভাপতি বিচিত্র ও চাংমা, তিৱা সাহিত্য সভাৰ সভাপতি

হৰসিং খলাৰ, কোচ-ৰাজবংশী সাহিত্য সভাৰ সভাপতি ড° দীজেন্দ্ৰ নাথ ভকত, চাওতাল সাহিত্য সভাৰ সভাপতি বেনগামীন চৰেং, ডিমাছা সাহিত্য সভাৰ সভাপতি ৰামেশ থাওচেন, পূর্ব্বাঞ্চল টাই সাহিত্য সভাৰ সভাপতি অতুল ফুকন, মৰাণ সাহিত্য সভাৰ সভাপতি ৰবীন মৰাণ, অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভাপতি সঞ্জয় কুমাৰ তাঁতী, অসম নেপালী সাহিত্য সভাৰ সভাপতি ড° চিন্তামণি শৰ্মা, চৰ-চাপৰি সাহিত্য সভাৰ সভাপতি ড° হাফিজ আহমেদ, সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন সোণোৱাল, চিংফৌ জাতীয় পৰিষদৰ সভাপতি চেংগ্রাম লাব্রাম, চেমা জাতীয় পৰিষদৰ সভাপতি কহেত' চেমা, টাংচা জাতীয় পৰিষদৰ সভাপতি নং যুংকুক, টাই-ফাকে জাতীয় পৰিষদৰ সভাপতি চাই উইং চাখাপ, টাই খাময়াং জাতীয় পৰিষদৰ সভাপতি ভূগেশ্বৰ থৌমুং, হাজং সাহিত্য সভাৰ সভাপতি কানুৰাজ হাজং, কৈৱৰ্ত্ত সাহিত্য সভাৰ সভাপতি সূতৰাম দাস, চুতীয়া সাহিত্য সম্মিলনৰ সভাপতি ৰাজীৱ বৰুৱা, মেছ-কছাৰী সাহিত্য সভাৰ সভাপতি দুলাল মেছ, ঠেঙাল কছাৰী, সাহিত্য সভাৰ সভাপতি দ্বীপেন বৰা, শৰণীয়া কছাৰী সাহিত্য সভাৰ সভাপতি সোণবৰ বৰুৱা, ঠেঙাল কছাৰী সাহিত্য সংস্কৃতি সভাৰ সভাপতি মহেন্দ্র শইকীয়া, নিখিল বিষ্ণুপ্রিয়া মণিপুৰী সাহিত্য সভাৰ সভাপতি দিলছ লক্ষীন্দৰ সিংহ, বাংলা সাহিত্য সভাৰ সভাপতি খগেন দাস, গৰিয়া-মৰিয়া-দেশী-চৈয়দ-জলহা (চাহ জনগোষ্ঠী) জনগোষ্ঠীয় ঐক্যমঞ্চ, অসমৰ মুখ্য সমন্বয়ক নুৰুল হক, মদাহি সাহিত্য পৰিষদ, অসমৰ সভাপতি সর্বেশ্বৰ মদাহি উপস্থিত থাকিব। অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াব অসম সাহিত্য সভাৰ স্বজাতীয় মৈত্রীবন্ধন উপসমিতিৰ আহ্বায়ক ৰমেন ভৰালীয়ে, সন্ধিয়া সমন্বয়ৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব পথাৰৰ শিল্পী লোহিত গগৈয়ে, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ডিগবৈ সাহিত্য সেৱা সমিতিৰ সভাপতি নিৰুপমা গোস্বামীয়ে, কবিতাৰ শব্দ আৰু সুৰৰ মায়াজালত ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ সহধর্মিনী গৰিমা শইকীয়া গার্গ উপস্থিত থাকিব। অনুষ্ঠানত অসমৰ জনগোষ্ঠীয় জাতীয় অনুষ্ঠানসমুহৰ উপস্থিতি তথা সহায় সহযোগিতা কামনা কৰিছে আদৰণী সমিতিৰ আহ্বায়ক সুনীল গুৰুং আৰু মুখ্য সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande