
শোণিতপুৰ, ২৮ আগষ্ট (হি.স.) । আজি পুৱা প্ৰায় নবজাত তেজপুৰ চহৰৰ মাজমজিয়াৰ পৰা এগৰাকী নৱমশ্ৰেণীৰ ছাত্ৰীক পাঁচজনীয়া এটা দলে অপহৰণ কৰিবলৈ অপচেষ্টা চলোৱা ঘটনাই আজি তেজপুৰত চাঞ্চল্য তথা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ভুক্তভোগী ছাত্ৰী গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি তেওঁ ঘৰৰ পৰা তেজপুৰ একাডেমি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ এখন ইৰিক্সাত উঠি আহিছিল ৷ প্ৰথম অৱস্থাত একেখন ইৰিক্সাত তেজপুৰ কলেজিয়েট হাইস্কুলৰ আন কেবাগৰাকী ছাত্ৰী আছিল য’দিও তেওঁলোক নিজ বিদ্যালয় পোৱাত নামি যায় ৷ ইয়াৰ পিছতে ইৰিক্সাখনত পাঁচজন পুৰুষ উঠে ৷ মাজতে এগৰাকী মহিলাও ইৰিক্সাখনত উঠে যদিও তেওঁ গন্তব্যস্হান গাৰোৱানপট্টিত নমাৰ পাছত পুৰুষ পাঁচজনৰ লগত তেজপুৰ একাডেমি উচ্চতৰ মাধ্যমিকৰ নৱমশ্ৰেণীৰ ছাত্ৰীগৰাকী চিভিল চাৰিআলিলৈকে একেখন ই ৰিক্সাৰে আহে৷
আনহাতে পথচোৱাত পুৰুষ যাত্ৰী কেইজনে বিভিন্ন অশ্লীল কথাবতৰা পাতি অহাৰ বিষয়ে সদৰি কৰি ভুক্তভোগী ছাত্ৰীগৰাকীয়ে সেই সময়ত তেওঁ যথেষ্ট শংকিত হোৱা বুলিও কয় ৷ ইপিনে চিভিল চাৰিআলিত ছাত্ৰীগৰাকী নমাৰ লগতে পুৰুষযাত্ৰী পাঁচজনো নামে আৰু তেওঁলোকে আন এখন ইৰিক্সাত উঠিবলৈ লৈ ছাত্ৰীগৰাকীকো বলপূৰ্বক সেইখন ইৰিক্সাত উঠোৱাৰ অপচেষ্টা কৰে ৷ লগে লগে ছাত্ৰী গৰাকীয়ে চিঞৰবাখৰ কৰাৰ লগতে অপহৰণকাৰী দলটোৰ কৱলৰ পৰা মুক্ত কৰিবলৈ চলোৱা চেষ্টাত তেওঁৰ বিদ্যাতয়ৰ পোছাকো ফালি যায় ৷ ইপিনে অসহায় ছাত্ৰী গৰাকীৰ চিঞৰ শুনি তথা ঘটনাটো দেখি সেই স্থানত থকা কেজনমান যুৱক আগবাঢ়ি আহি অপহৰণকাৰী দলটোক বাধা দিয়াত দলটোৱে পলায়ন কৰে ৷
লগে লগে আতংকিত ছাত্ৰী গৰাকী সমীপৰ নিজ বিদ্যালয়লৈ দৌৰি গৈ শিক্ষক শিক্ষয়িত্ৰীৰ আগত ঘটনাটোৰ বিষয়ে কয় আৰু বিদ্যালয় কৰ্তৃপক্ষই লগে লগে শোণিতপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থক এইবিষয়ে অৱগত কৰে ৷ লগে লগে তেজপুৰ আৰক্ষী বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰীগৰাকীৰ ভাষ্য গ্ৰহণ কৰে ৷ ছাত্ৰী গৰাকীয়ে কয় যে তেওঁক অপহৰণ কৰিবলৈ অপচেষ্টা চলোৱা পাঁচজনৰ ভিতৰত তিনিজনক তেওঁ চিনিব পাৰিছে আৰু আনদুজনকো দেখিলে চিনি পাব ৷ ইয়াৰ পিছতে ঘটনাৰ অনুসন্ধান চলোৱা তেজপুৰ আৰক্ষীয়ে এই ঘটনাৰ আঁৰত পাৰিবাৰিক কণ্ডলৰ পৰিণতিত প্ৰতিশোধৰ বিষয় জড়িত থকা বুলি তথ্য লাভ কৰে ৷
উল্লেখযোগ্য যে, তেজপুৰ গোটলোং নিবাসী ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লগত একে অঞ্চলৰে আন এটা পৰিয়ালৰ ভূমিকেন্দ্ৰিক সংঘাত আছে আৰু ইয়াকেলৈ যোৱা ১৫আগষ্টত দুয়োটা পক্ষৰ মাজত বিবাদ তুংগত উঠে ৷ সেই ঘটনাৰ এক গোচৰ মহাভৈৰৱ আৰক্ষী চকীত ৰুজু হৈ আছে বুলিও প্ৰকাশ কৰিছে আৰক্ষী সূত্ৰই ৷ আনহাতে তেজপুৰ আৰক্ষীয়ে আজিৰ ঘটনাটোৰ তদন্ত ক্ষীপ্ৰগতিত আগবঢ়াই নিয়াৰ বিপৰীতে অভিযুক্তসকলকো চিনাক্ত কৰা বুলি প্ৰকাশ কৰাৰ লগতে কয় যে, সম্প্ৰতি আটাইকেজন অভিযুক্তই আত্মগোপন কৰি আছে ৷ শীঘ্ৰেই সকলো অভিযুক্তই আৰক্ষীৰ জালত পৰিব বুলিও দাবী কৰি আৰক্ষী সূত্ৰই কয় যে, পৰিয়ালকেন্দ্ৰিক বিবাদৰ কাৰণত হ’লেও এগৰাকী ছাত্ৰীক এইদৰে অপহৰণ কৰিবলৈ বিচৰা ঘটনাৰে জড়িত সকলক ৰেহাই দিয়া নহ’ব ৷ আজিৰ এই ঘটনাই তেজপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ