প্ৰাক্তন ছাত্ৰ বিশ্ব বৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকালৈ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশেষ শ্ৰদ্ধাঞ্জলি
–শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ মাজত সমবেত ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতা –৩০ খন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ দলৰ ভূপেন্দ্ৰ সঙ্গীতেৰে জীপাল হ''ল তেজপুৰৰ ঐতিহ্যমণ্ডিত বিদ্যালয় প্ৰাংগন –ইউনিফৰ্মৰ লগতে জাতীয় সাজপাৰ পিন্ধি প্ৰতিযোগিতাত অংশ গ্ৰহণ –সুধ
প্ৰাক্তন ছাত্ৰ বিশ্ব বৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকালৈ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশেষ শ্ৰদ্ধাঞ্জলি


–শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ মাজত সমবেত ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতা

–৩০ খন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ দলৰ ভূপেন্দ্ৰ সঙ্গীতেৰে জীপাল হ'ল তেজপুৰৰ ঐতিহ্যমণ্ডিত বিদ্যালয় প্ৰাংগন

–ইউনিফৰ্মৰ লগতে জাতীয় সাজপাৰ পিন্ধি প্ৰতিযোগিতাত অংশ গ্ৰহণ

–সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই ষষ্ঠ শ্ৰেণীত নামভৰ্তি কৰাৰ পিছতেই সান্নিধ্যলৈ আহিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ

–এইখন বিদ্যালয়ত পঢ়ি থাকোতেই ১০ বছৰ বয়সত কলিকতাৰ চেনোলা কোম্পানীত কলাগুৰুৰ কালজয়ী গীত কাষতে কলচী লৈ প্ৰথম বাণীবদ্ধ হৈছিল ভূপেন হাজৰিকাৰ কন্ঠত --পৃথ্বিৰাজ ৰাভা

শোণিতপুৰ, ২৮ আগষ্ট (হি.স.) :

সুধাকণ্ঠ, ভাৰত ৰত্ন তথা বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাই হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত আজি পুৱাৰে পৰা সুধাকণ্ঠ গৰাকীৰ কালজয়ী গীতেৰে মুখৰিত হৈ পৰিল বিদ্যালয়খনৰ প্ৰেক্ষাগৃহ ।

উল্লেখ্য যে অহা ৮ ছেপ্টেম্বৰৰ অসমীয়াৰ স্বাভিমান বৰেণ্য শিল্পী গৰাকীৰ জন্ম শতবৰ্ষৰ সামৰণিৰ দিনটোৰ লগত সংগতি ৰাখি বিদ্যালয় কৰ্তৃপক্ষই আজি প্ৰাক্তন ছাত্ৰ গৰাকীৰ সোঁৱৰণত আয়োজন কৰে জিলাখনৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী দলৰ মাজত সমবেত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ । প্ৰায় ডেৰকুৰি শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ দলে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে সুধাকণ্ঠৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শুভাৰম্ভ কৰে ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই ।

শুভাৰম্ভণি ভাষণত কলাগুৰুৰ পুত্ৰ পৃথ্বিৰাজ ৰাভাই বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাই ষষ্ঠ শ্ৰেণীত তেজপুৰৰ এই ঐতিহ্যমণ্ডিত বিদ্যালয়খনত নামভৰ্তি কৰাৰ সময়ক কেন্দ্ৰ কৰি অসমৰ সাংস্কৃতিক ঐতিহ্যক মহিয়ান কৰা বা সমৃদ্ধ কৰা এক সোণসেৰীয়া ইতিহাস সংপৃক্ত হৈ আছে বুলি কৈ সেইখিনি সময়তে সুধাকণ্ঠ গৰাকী সান্নিধ্যলৈ আহিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ লগতে শেহতীয়াকৈ নটসূৰ্য্য ফণী শৰ্মাৰ । এইখন বিদ্যালয়ত ড০ ভূপেন হাজৰিকাই পঢ়ি থাকোঁতেই ভূপেন হাজৰিকাৰ সুললিত কন্ঠৰ উমান পাইছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই । সেয়েহে কলিকতাৰ চেনোলা কোম্পানীত জয়মতী আৰু শোণিতকুঁৱৰী পাল্লাৰ গীতত কণ্ঠদান কৰিবলৈ ড০ ভূপেন হাজৰিকাক নিৰ্বাচন কৰিছিল আৰু কলিকতালৈ লৈ যোৱা ১০ বছৰীয়া ভূপেন হাজৰিকাই প্ৰথমবাৰৰ বাবে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কাষতে কলচী শীৰ্ষক কালজয়ী গীতটিত কণ্ঠদান কৰিছিল বুলি সেই সময়ৰ বিদ্যালয়খনৰ ছাত্ৰ হিচাপে ড০ ভূপেন হাজৰিকাৰ বিভিন্ন দিশৰ কথা আলোকপাত কৰি উপস্থিত বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থী সকলক উদ্বুদ্ধ কৰি তোলে ।

বাণ থিয়েটাৰৰ সভাপতি প্ৰবীণ গীতিকাৰ -সুৰকাৰ বংকিম শৰ্মা, বিদ্যালয়খনৰ একাংশ প্ৰাক্তন শিক্ষক -শিক্ষয়িত্ৰী ,বৰ্তমানৰ শিক্ষক -শিক্ষয়িত্ৰী আৰু তেজপুৰৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থকা আৰু বিশিষ্ট সংগীতশিল্পী অনিল কুমাৰ ভট্টাচাৰ্য আৰু দেৱজ্যোতি বৰাই বিচাৰকৰ আসন অলংকৃত কৰা এই প্ৰতিযোগিতাত প্ৰত্যেকখন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ দলে জাতীয় সাজপাৰৰ লগতে আকৰ্ষণীয় সাজপাৰ আৰু বিদ্যালয়ৰ ইউনিফৰ্ম পৰিধান কৰি অতি পৰিশীলিত ৰূপত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে । আনহাতে প্ৰতিযোগিতাৰ মাজতে অধ্যক্ষা মঞ্জু বাঢ়ৈয়ে বিশ্ববৰেণ্য শিল্পী প্ৰাক্তন ছাত্ৰ গৰাকীৰ জীৱন -দৰ্শন শিক্ষাৰ্থী সকলৰ পাথেয় কৰি তুলিবলৈ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি এই প্ৰতিযোগিতা আয়োজন কৰা হয় বুলি সাংবাদিকক মন্তব্য কৰে।

উল্লেখ্য যে প্ৰায় ৩০ খন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ দল সমূহক পৰিৱেশনৰ পিছতেই একোখনকৈ মান পত্র প্ৰদান কৰাৰ লগতে প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা তেজপুৰৰ চেক্ৰেট হাৰ্ট বিদ্যালয় দলক বৰছলা সমষ্টিৰ বিধায়ক ঋতুবৰণ শৰ্মাই পুৰস্কাৰ প্ৰদান কৰাৰ লগতে দ্বিতীয় স্থান লাভ কৰা জ্ঞান ভাৰতী একাডেমীৰ শিক্ষাৰ্থীৰ দলক অধ্যক্ষা মঞ্জু বাঢ়ৈয়ে পুৰস্কাৰ প্ৰদান কৰাৰ লগতে তৃতীয় স্থান লাভ কৰা আৰ্মী পাব্লিক স্কুলৰ শিক্ষাৰ্থীৰ দলক বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক হেমন্ত কিশোৰ পাঠক আৰু উদগনি বঁটা লাভ কৰা ডনবস্ক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ দলক অৱসৰপ্ৰাপ্ত শিক্ষক সঞ্জীৱ বৰাই পুৰস্কাৰ প্ৰদান কৰে ।আনহাতে একেটা অনুষ্ঠানতে সুধাকণ্ঠ গৰাকীৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে আয়োজন কৰা ৰচনা প্ৰতিযোগিতাৰ প্ৰথম স্থান লাভ কৰা জ্যোতি পল শইকীয়াকো পুৰস্কৃত কৰা হয় ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande