শোণিতপুৰ জিলা প্ৰশাসনৰ কেন্দ্ৰীয় শিক্ষক দিৱসত কৃতী শিক্ষকৰ বঁটাৰে বিভূষিত হ'ব ৩৩ গৰাকী শিক্ষক -শিক্ষয়িত্ৰী
–জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ পৌৰোহিত্যত উদযাপন সমিতিৰ সভাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত –প্ৰকাশ পাব সম্বৰ্ধনা শীৰ্ষক বিশেষ গ্ৰন্থ শোণিতপুৰ, ২৮ আগষ্ট (হি.স.) । শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু শোণিতপুৰ জিলাৰ প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যা
শোণিতপুৰ জিলা প্ৰশাসনৰ কেন্দ্ৰীয় শিক্ষক দিৱসত কৃতী শিক্ষকৰ বঁটাৰে বিভূষিত হ'ব ৩৩ গৰাকী শিক্ষক -শিক্ষয়িত্ৰী


–জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ পৌৰোহিত্যত উদযাপন সমিতিৰ সভাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

–প্ৰকাশ পাব সম্বৰ্ধনা শীৰ্ষক বিশেষ গ্ৰন্থ

শোণিতপুৰ, ২৮ আগষ্ট

(হি.স.)

। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু শোণিতপুৰ জিলাৰ প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সকলো শিক্ষক সংগঠনৰ লগতে শোণিতপুৰ জিলাৰ বিদ্যালয় শিক্ষা বিভাগৰ সহযোগত অহা ৫ ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় শিক্ষক দিৱসৰ কাৰ্যসূচীত জিলাখনৰ প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈ ৩৩ গৰাকী শিক্ষক -শিক্ষয়িত্ৰী কৃতী শিক্ষকৰ বঁটাৰে বিভূষিত হ'ব ।

উল্লেখ্য যে শোণিতপুৰ জিলাৰ এই কেন্দ্ৰীয় শিক্ষক দিৱস উদযাপন সমিতিৰ সভাপতি তথা শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ পৌৰোহিত্যত আজি জিলা আয়ুক্তৰ সন্মিলন কক্ষত অনুষ্ঠিত হোৱা উদযাপন সমিতিৰ বিষয়ববীয়া সকলৰ এখন গুৰুত্বপূৰ্ণ সভাত প্ৰত্যেকটো সংগঠনৰ পৰা কৃতী শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত কৰা শিক্ষক -শিক্ষয়িত্ৰী সকলৰ জীৱন পৰিচিতি আৰু শিক্ষকতা জীৱনৰ তথ্যসমূহৰ বুজ লয় জিলা আয়ুক্ত গৰাকীয়ে । উদযাপন সমিতিৰ হৈ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ পত্ৰিকা সম্পাদক পংকজ বৰুৱাই আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত জেমচ আইন্দে সকলো শিক্ষক সংগঠনৰ নিৰ্বাচিত শিক্ষক -শিক্ষয়িত্ৰী সকলৰ তথ্য সমূহৰ বিদ্যালয়ত উপস্থিতিৰ হাৰ, গুণোৎসৱত লাভ কৰা গ্ৰেড, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উৰ্ত্তীণৰ হাৰ ,শিক্ষক গৰাকীৰ সামাজিক, শৈক্ষিক দক্ষতা আদিৰ বিষয়ে বুজ লোৱাৰ পিছত জিলা আয়ুক্ত গৰাকীয়ে এই তালিকাত কোনোধৰণৰ বিতৰ্ক সৃষ্টি নোহোৱা দিশটোৰ ক্ষেত্ৰত শিক্ষক সংগঠনৰ বিষয়ববীয়া সকলৰ পৰা প্ৰতিশ্ৰুতি তথা নিশ্চিতি আদায় কৰাৰ পিছতেই ৩৩ জনীয়া তালিকাখনত অনুমোদন জনায়।

শোণিতপুৰ জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক তথা সহকাৰী আয়ুক্ত ৰাজেন আচাৰ্য ,সহকাৰী আয়ুক্ত শ্যামশ্ৰী শইকীয়া ,বিদ্যালয় সমূহৰ ভাৰপ্ৰাপ্ত উপ পৰিদৰ্শক নিলোৎজ্বল শৰ্মা, জিলাখনৰ আটাইকেইটা শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া, সকলো শিক্ষক সংগঠনৰ সভাপতি, সম্পাদক সকল উপস্থিত থকা সভাখনত শোণিতপুৰ জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক বিজয় কাণ্ডুলানাই পূৰ্বে কি কি কাৰ্যসূচীৰে তথা কেনেধৰণে এই দিৱস উদযাপন কৰা হৈছিল তাৰ সবিশেষ জিলা আয়ুক্ত গৰাকীক অৱগত কৰোঁৱাৰ পিছত তেজপুৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সম্পাদক ভূপেন বৰদলৈ আৰু পত্ৰিকা সম্পাদক পংকজ বৰুৱাই ইতিমধ্যে এই দিৱসৰ মূল অনুষ্ঠানৰ বাবে মুখ্য অতিথি হিচাবে ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহলৰ লগতে সন্মানীয় অতিথি ৰূপে শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত আৰু বিশিষ্ট অতিথি ৰূপে জিলাখনৰ আন আটাইকেইগৰাকী বিধায়ক আৰু নিৰ্দিষ্ট বক্তা হিচাবে বিশিষ্ট লেখিকা তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড০ বিনীতা বৰা দেৱচৌধুৰীক ইতিমধ্যে আমন্ত্ৰণ জনোৱাৰ কথা সদৰি কৰে ।

আনহাতে বঁটা লাভ কৰা কৃতী শিক্ষক -শিক্ষয়িত্ৰী সকলৰ জীৱন পৰিচিতি সংপৃক্ত সম্বৰ্ধনা শীৰ্ষক এখন গ্ৰন্থও পূৰ্বৰ দৰে প্ৰকাশ কৰা হ'ব সম্পাদকৰ দায়িত্ব লাভ কৰা পংকজ বৰুৱাই সভাত অৱগত কৰাৰ লগতে সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰে আৰম্ভ হ'ব মূল সভাখন একাংশ শিক্ষয়িত্ৰীৰ সমবেত গীতেৰে আৰম্ভ হ'ব বুলি সভাত অৱগত কৰে ।আনহাতে জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে পূৰ্বতকৈ কৃতী শিক্ষক -শিক্ষয়িত্ৰী সকলৰ সন্মানৰ অৰ্থে শৃংখলিতভাৱে অনুষ্ঠান সম্পন্ন হোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এইবাৰ এল ই ডি স্কীণৰ জৰিয়তে বঁটা লাভ কৰা শিক্ষক -শিক্ষয়িত্ৰীৰ চমু জীৱন বৃত্তান্তও দাঙি ধৰাৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande