চাপৰৰ তাৰাংগাপুৰ প্ৰথম খণ্ড গাঁৱৰ চম্পাৱতী নৈত পুনৰ অচিনাক্ত মৃতদেহ উদ্ধাৰ
চাপৰৰ তাৰাংগাপুৰ প্ৰথম খণ্ড গাঁৱৰ চম্পাৱতী নৈত পুনৰ অচিনাক্ত মৃতদেহ উদ্ধাৰ।
চাপৰৰ তাৰাংগাপুৰ প্ৰথম খণ্ড গাঁৱৰ চম্পাৱতী নৈত পুনৰ অচিনাক্ত মৃতদেহ উদ্ধাৰ


ধুবুৰী, ২৬ আগষ্ট (হি.স.): ধুবুৰী চাপৰৰ তাৰাংগাপুৰ প্ৰথম খণ্ড গাঁৱৰ চম্পাৱতী নৈত যোৱা কালি বিয়লি পুনৰ অচিনাক্ত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । নৈৰ পানীত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে মৃতদেহটো চম্পাৱতী নৈৰ সোঁতত ভাহি আহি কাষতে থকাত স্থানীয় ৰাইজে নৈৰ পানীত অৰ্ধগলিত অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পিছতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্য । মৃতদেহটো প্ৰত্যক্ষ কৰাৰ লগে লগে স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত চাপৰ আৰক্ষীক অৱগত কৰে । খবৰ লাভ কৰাৰ পিছতে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় চাপৰ আৰক্ষীৰ দল । আৰক্ষীয়ে নৈৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰে।

উল্লেখযোগ্য যে দুদিন আগতেও চম্পাৱতী নৈত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈছিল । ক'ৰ পৰা এনেদৰে মৃতদেহ নৈত ভাঁহি আহিছে, তাকে লৈ এতিয়া ৰাইজ উৎকণ্ঠিত হৈ পৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande