
নতুন দিল্লী, ২৬ আগষ্ট (হি.স.)। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে মংগোলিয়াৰ উলানবাটাৰত ৰাষ্ট্ৰসংঘৰ মৰুভূমিৰ বিৰুদ্ধে যুঁজিবলৈ সন্মিলন (ইউএনচিচিডি)ৰ ১৭ সংখ্যক পক্ষ সন্মিলনত ঘাঁহনি পুনৰুদ্ধাৰৰ ক্ষেত্ৰত স্থানীয় জনগোষ্ঠীসমূহক কেন্দ্ৰীয় ভূমিকা দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে সফল পুনৰুদ্ধাৰৰ আৰম্ভণি হয় পশুপালকসকলক কেৱল হিতাধিকাৰী হিচাপে নহয়, প্ৰাকৃতিক সম্পদৰ ৰক্ষক হিচাপে গণ্য কৰাৰ পৰা।
কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ইউএনচিচিডি চিঅ’পি-১৭ৰ সময়ত ঘাঁহনিৰ পুনৰুদ্ধাৰ আৰু পশুপালন সম্প্ৰদায়ৰ কল্যাণ বিষয়ক মন্ত্ৰীসভাৰ আলোচনাত ভাষণ দি যাদৱে কয় যে ভাৰতে বৈজ্ঞানিক পৰিকল্পনা আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণৰ জৰিয়তে ঘাঁহনি আৰু চৰণীয়া পথাৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ অভিজ্ঞতা গঢ়ি তুলিছে।
তেওঁ কয় যে ভাৰতৰ ঘাঁহনি অঞ্চলসমূহ হিমালয়ৰ ঘাঁহনি, মধ্য ভাৰতৰ ছাভানা অঞ্চল, ৰাজস্থানৰ শুষ্ক থাৰ আৰু কুচ অঞ্চলৰ পৰা দক্ষিণ ভাৰতৰ শোলা অঞ্চললৈকে বিস্তৃত হৈ আছে। এই অঞ্চলসমূহে দেশৰ বৃহৎ পশুধন জনসংখ্যাক সহায় কৰাৰ লগতে লাখ লাখ মানুহৰ জীৱিকাৰ বাবেও সহায় কৰে।
যাদৱে কয় যে আধুনিক বিজ্ঞানৰ সৈতে পৰম্পৰাগত জ্ঞানৰ সংমিশ্ৰণে পৰিৱেশৰ ফালৰ পৰা বহনক্ষম, অৰ্থনৈতিকভাৱে কাৰ্য্যক্ষম, আৰু সামাজিকভাৱে অন্তৰ্ভুক্ত পুনৰুদ্ধাৰ নিশ্চিত কৰিব পাৰে। তেওঁ কয় যে উপগ্ৰহ ভিত্তিক মৰুভূমি আৰু ভূমিৰ অৱক্ষয়ৰ এটলাছে ঘাঁহনি পুনৰুদ্ধাৰৰ চিনাক্তকৰণ আৰু বৈজ্ঞানিক পৰিকল্পনাত সহায় কৰিছে। চৰণীয়া পথাৰ অধিকাৰ আৰু সম্প্ৰদায় বন সম্পদৰ অধিকাৰৰ স্বীকৃতিয়ে স্থানীয় সম্প্ৰদায়ৰ ভূমিকা শক্তিশালী কৰে।
ৰাজস্থানৰ ‘ওৰাণ’ৰ উদাহৰণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই পবিত্ৰ বাগিচাসমূহ স্থানীয় জনগোষ্ঠীৰ পৰম্পৰাগত সংৰক্ষণ ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ উদাহৰণ। সমগ্ৰ দেশতে প্ৰায় ২৫,০০০ এনে সম্প্ৰদায়ৰ দ্বাৰা সুৰক্ষিত পবিত্ৰ বাগিচা আছে, যিয়ে প্ৰায় ৬ লাখ হেক্টৰ মাটিকালি সামৰি লৈছে। স্থানীয় জনগোষ্ঠীৰ অংশগ্ৰহণেৰে সুৰক্ষিত এই অঞ্চলসমূহে ঘাঁহনি আৰু গুৰুত্বপূৰ্ণ বন্যপ্ৰাণীৰ বাসস্থান সংৰক্ষণতো অৰিহণা যোগায়। ইয়াৰ ভিতৰত গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ডৰ দৰে বিলুপ্তপ্ৰায় চৰাইৰ বাবে গুৰুত্বপূৰ্ণ বাসস্থান।
যাদৱে কয় যে ভাৰতে মুকলি বনাঞ্চল আৰু ঘাঁহনিৰ পৰিৱেশ তন্ত্ৰ পুনৰুদ্ধাৰৰ বাবেও কাম কৰি আছে। তেওঁ চিতা স্থানান্তৰ কাৰ্যসূচী আৰু গুজৰাটৰ বান্নীৰ দৰে ঘাঁহনি অঞ্চললৈ ইয়াৰ সম্ভাৱ্য সম্প্ৰসাৰণৰ কথা উল্লেখ কৰে। তেওঁ কয় যে গভীৰ শিপাই থকা ঘাঁহবোৰে মাটিত কাৰ্বন জমা কৰা, পানীৰ অনুপ্ৰৱেশ আৰু ভূগৰ্ভস্থ পানী পুনৰ ভৰোৱাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভাৰতত প্ৰায় এক কোটি হেক্টৰ স্থায়ী ঘাঁহনি আৰু চৰণীয়া পথাৰ আছে।
যাদৱে কয় যে ভাৰতৰ এই পন্থা কেৱল ভূমি পুনৰুদ্ধাৰতে সীমাবদ্ধ নহয়, বৰঞ্চ ভূ-প্ৰকৃতি ব্যৱস্থাপনা, জলভাগ উন্নয়ন, বহনক্ষম চৰণীয়া পথাৰ, পশুখাদ্য উন্নয়ন, আৰু জীৱিকাৰ সহায়ক একত্ৰিত কৰিছে। এই সমগ্ৰ ব্যৱস্থাৰ মূলতে হৈছে সম্প্ৰদায়ৰ অংশগ্ৰহণ।
তেওঁ কয় যে উন্নয়নশীল দেশসমূহে ভূমিৰ অৱক্ষয়ৰ নিৰপেক্ষতাৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে ঘাঁহনিৰ অঞ্চল পুনৰুদ্ধাৰৰ বাবে বিত্ত, প্ৰযুক্তি, আৰু জ্ঞানৰ উন্নত সুবিধা অতি প্ৰয়োজনীয়। ভাৰতে দক্ষিণ-দক্ষিণ সহযোগিতাৰ জৰিয়তে নিজৰ অভিজ্ঞতা আৰু সমাধানসমূহ ভাগ-বতৰা কৰাৰ প্ৰতিশ্ৰুতিও প্ৰকাশ কৰে, ঘাঁহনি পুনৰুদ্ধাৰৰ বাবে নিষ্ঠাবান আৰু সুলভ পুঁজিৰ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া