
শিৱসাগৰ, ২৬ আগষ্ট (হি.স.): শিৱসাগৰ জিলাৰ দৰিকা নদীত যোৱা কালি মঙলবাৰে
বিয়লি এক অঘটন সংঘটিত হয় । নদীত সন্ধানহীন হৈ পৰে দুই ছাত্ৰ । দৰিকা নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল দুই ছাত্ৰ ।
শিৱসাগৰৰ সুন্দৰমল স্কুলৰ দশম শ্ৰেণীত অধ্যয়নৰত দুই ছাত্ৰ গা ধুবলৈ গৈছিল দৰিকা নদীত । দৰিকা নদীৰ তীব্ৰ সোঁতত উটি যায় দুয়োজন ছাত্ৰ । স্থানীয় দুই যুৱকৰ তৎপৰতাত এজন ছাত্ৰক উদ্ধাৰ কৰা হয় । আনজন ছাত্ৰ বৰ্তমানেও সন্ধানহীন হৈ আছে । চাহিদুল ইছলাম (আনুমানিক ১৬ বছৰ বয়স) নামৰ ছাত্ৰজনক উদ্ধাৰ কৰে স্থানীয় দুজন যুৱকে । ইফালে হাছান ভূঞা (আনুমানিক বয়স ১৬ বছৰ)নামৰ আনজন ছাত্ৰ বৰ্তমানেও সন্ধানহীন হৈ আছে । সন্ধানহীন হাচান ভূঞাৰ সন্ধানত অভিযান আৰম্ভ কৰিছে এছডিআৰএফৰ দলে । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ