
গোলাঘাট, ২৬ আগষ্ট (হি.স.)। মেৰাপানী সীমান্তৰ ২ নং নেঘেৰীবিলত মঙ্গলবাৰে নিশা সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পাছত বুধবাৰেও অব্যাহত তীব্ৰ উত্তেজনা। নগালেণ্ডৰ মিকিৰাং আৰু লুগায়ুঙ বস্তিৰ চেয়াৰমেনৰ সৈতে আলোচনাৰ বাবে সমবেত হৈছিল নেঘেৰীবিলৰ স্থানীয় ৰাইজ। কিন্তু আলোচনাৰ পৰিৱেশ সৃষ্টি হোৱাৰ পূৰ্বেই পুনৰ উত্তপ্ত হৈ পৰিল পৰিস্থিতি।
যোৱা নিশা উদ্ভণ্ডালি সৃষ্টি কৰাৰ অভিযোগ উঠা দুই নগা ব্যক্তি পুনৰ ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছতেই অসমৰ বন বিভাগৰ কৰ্মীৰ সন্মুখতে দুই পক্ষৰ মাজত প্ৰথমে বাক্-বিতণ্ডা আৰু পৰৱৰ্তী সময়ত মাৰপিট-হতাহতিৰ ঘটনা সংঘটিত হয়।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হয় চি আৰ পি এফ আৰু মেৰাপানী আৰক্ষী। নিৰাপত্তা বাহিনী উপস্থিত হোৱাৰ লগে লগে নগা লোকৰ দলটো ঘটনাস্থলীৰ পৰা আঁতৰি যায়। ইফালে, দুদিন ধৰি একেৰাহে সৃষ্টি হোৱা উত্তেজনাক লৈ সীমান্তবাসীৰ মাজত এতিয়া তীব্ৰ আতংক।
ইয়াৰ মাজতে কেইদিনমান পূৰ্বে নগালেণ্ডৰ লোথা লোৱাৰ ৰেঞ্জ পাব্লিক অৰ্গেনাইজেশ্বন নামৰ সংগঠনটোৱে ২ নং নেঘেৰীবিলৰ ভূমি নগালেণ্ডৰ বুলি দাবী কৰিছিল। বৰ্তমান ঘটনাস্থলীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা