
মৰিগাঁও, ২৬ আগষ্ট (হি.স.)। জাগীৰোডৰ ঐতিহাসিক সোনাইকুছি বনাঞ্চলৰ শিল খননক লৈ সৰৱ সদৌ অসম ছাত্ৰ সন্থা ৷ আৰ এচ গান্ধীৰ শিলৰ কুৱেৰী বন্ধৰ দাবীত জাগীৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ স্মাৰকপত্ৰ ৷ সোনাইকুছি বনাঞ্চলৰ সেউজ পাহাৰত দৈনিক উচ্চ ক্ষমতা সম্পন্ন শিলৰ কুৱেৰীৰ বিস্ফোৰণত নিতৌ কপি উঠে জাগীৰোড ।
শিলৰ কুৱেৰীৰ বাবে বিগত দিনত জাগীৰোডৰ জনসাধাৰণে খাই আহিছে জ্বলা-কলা ৷ বিভিন্ন দল-সংগঠনৰ অভিযোগৰ পিছতো গা লৰা নাই আৰ এছ গান্ধীৰ ৷ এইবাৰ জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা ৷ অতি শীঘ্ৰে আৰ এচ গান্ধীৰ পাহাৰ খনন বন্ধ কৰাৰ দাবী ছাত্ৰ সংগঠনটোৰ ৷ লগতে শিলৰ কুৱেৰীৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বান নিৰ্মূলৰ কৰিবলৈ দাবী জনাই সমজিলা আয়ুক্ত হৃদয় কুমাৰ দাসক ছাত্ৰ সংগঠনটোৱে স্মাৰকপত্ৰ প্ৰদান কৰে ৷ ইফালে নলা নৰ্দমা নিৰ্মাণ আৰু নিষ্কাসনৰ নামত আৱন্টিত ২৫ কোটিৰো অধিক টকাৰ দুৰ্নীতিৰ তদন্তৰ দাবী জনোৱাৰ লগতে আন কেইবাটাও সমস্যা সমাধানৰ দাবী জনায় সংগঠনটোৱে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা