
বঙাইগাঁও, ২৬ আগষ্ট (হি.স.)। বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত ডুবাচুৰি দ্বিতীয় খণ্ড গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড। নিশাৰ ভাগত দাৰে ঘপিয়াই হত্যা এজনী মহিলাক। মহিলা জনী ডুবাচুৰি গাঁৱৰ শ্বাহাজামালৰ পত্নী ৰেজিয়া চুলতানা (৩৩) ।
পাৰিবাৰিক বিবাদক কেন্দ্ৰ কৰি নিজৰেই খুৰা নাছিৰ উদ্দিনে দাৰে ঘপিয়াই হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য, ৰেজিয়া চুলতানাই দুটা সন্তান আৰু স্বামীক লগত লৈ ডুবাচুৰি গাঁৱত পিতৃ মজিৰ উদ্দিনৰ ঘৰত আহিছিল। যোৱা নিশা প্ৰায় তিনি বজাত পিতৃ গৃহতে খুৰা নাছিৰ উদ্দিন আৰু খুৰীয়েকৰ মাজত সংঘটিত হৈছিল পাৰিবাৰিক কাজিয়া। ৰেজিয়া চুলতানাই কাজিয়া বন্ধ কৰিবলৈ আগুৱাই গৈছিল। খঙতে খুৰা নাছিৰ উদ্দিনে ভাতিজী ৰেজিয়া চুলতানাৰ ওপৰত দাৰে আক্ৰমণ কৰে। ফলত ঘটনাস্থলীতে মৃত্যু হয় ৰেজিয়া চুলতানাৰ। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ইতিমধ্যে ঘটনাস্থলীত মেৰেৰচৰ আৰক্ষীয়ে উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে যদিও হত্যাকাৰী নাজিৰ উদ্দিন পলাতক হৈ আছে। পিছত ৰাইজে বিচাৰি ওলাই আটক কৰে হত্যাকাৰীক বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা